গুৱাহাটী : অসমত চৰকাৰীভাৱে আধাৰ কার্ড বিতৰণৰ প্রক্রিয়া আৰম্ভ হৈছে৷ অহা মাহৰ পৰা (অক্টোবৰ) ৰাজ্যৰ সকলো জিলাতে চৰকাৰীভাৱে আধাৰ কার্ড বিতৰণৰ প্রক্রিয়া আৰম্ভ হ’ব৷ ইয়াৰ বাবে ইতিমধ্যে ৬খন ব্যক্তিগত খণ্ডৰ ফার্মক দায়িত্ব দিয়া হৈছে৷
ৰাজ্যৰ ৩৩খন জিলাত মুঠ ১২৪১টা কেন্দ্রৰ জৰিয়তে জনসাধাৰণৰ মাজত আধাৰ কার্ড বিতৰণ কৰা হ’ব৷ আজি ৰাজ্য চৰকাৰৰ সাধাৰণ প্রশাসন বিভাগে এই তথ্য সদৰী কৰিছে৷ বিভাগে ইতিমধ্যে এই সন্দর্ভত যাৱতীয় পদক্ষেপ গ্রহণ কৰিছে৷ উল্লেখযোগ্য যে অসমত আধাৰ কার্ড প্রদান প্রক্রিয়া চলাবৰ বাবে নিবিদাত মুঠ ২২খন ফার্মে অংশগ্রহণ কৰিছিল৷
তাৰ মাজৰ পৰা চৰকাৰে ৬খন ফার্মক বাছনি কৰা হৈছে৷ এই ফার্মসমূহে ১২৪১টা কেন্দ্রৰ জৰিয়তে বিনামূলীয়াকৈ জনসাধাৰণৰ মাজত আধাৰ কার্ড বিতৰণৰ কাম কৰিব৷ ইফালে আধাৰ কার্ড প্রদান প্রক্রিয়াৰ বাবে সাধাৰণ প্রশাসন বিভাগে প্রতিখন জিলাৰ উপায়ুক্তলৈ কিছু বিশেষ নির্দেশনা জাৰি কৰিছে৷ আধাৰ কার্ড আৱেদনৰ পৰা প্রদানলৈ সমগ্র প্রক্রিয়া সুচলভাৱে সম্পন্ন কৰাৰ বাবে এই নির্দেশনা জাৰি কৰা হৈছে৷
চৰকাৰে ৰাজ্যৰ ৩১৬.৩৪ লাখ গৃহত আধাৰ কার্ড প্রদান কৰিবলৈ সক্ষম হ’ব বুলি আশা প্রকাশ কৰিছে৷ লক্ষণীয় যে অসমত এইপর্যন্ত বেংক, ডাকঘৰ আদিৰ জৰিয়তে ২৪.৩৪ লাখ আধাৰ কার্ড বিতৰণ কৰা বুলি ধাৰণা কৰা হৈছে৷ এই পৰিসংখ্যসহ অসমত মুঠ ৩৪০.৬৮ লাখ গৃহত আধাৰ নম্বৰ প্রদান সম্ভৱ হ’ব৷ প্রণিধানযোগ্য যে ১২টা সংখ্যাযুক্ত আধাৰ নম্বৰ বা কার্ড নাগৰিকত্বৰ প্রমাণ হিচাপে গণ্য কৰা নহ’ব বুলি স্পষ্ট কৰি দিছে চৰকাৰে৷ এই কার্ডে ঘৰৰ ঠিকনাৰ প্রমাণ হিচাপেহে গণ্য হ’ব৷
ৰাজ্যত আধাৰ কার্ডৰ বাবে জনসাধাৰণে কোনো মূল্য আদায় দিব নালাগে বুলিও স্পষ্ট কৰিছে চৰকাৰে৷ ইফালে আধাৰ কার্ডৰ আৱেদনৰ বাবে ফর্ম আধাৰ কেন্দ্র, বেংক, ডাকঘৰত উপলব্ধ হোৱাৰ উপৰি কেন্দ্রীয় চৰকাৰৰ ইউ আই ডি এ আই ৱেবছাইটৰ পৰা ডাউনল’ড কৰিব পাৰিব৷
No comments:
Post a Comment