মিছা কথাৰে অসমৰ এন আৰ চি সম্পর্কে দেশবাসীক আভুৱা ভাৰিছে অমিত শ্বাহে— হৰিশ ৰাৱট - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 22, 2018

মিছা কথাৰে অসমৰ এন আৰ চি সম্পর্কে দেশবাসীক আভুৱা ভাৰিছে অমিত শ্বাহে— হৰিশ ৰাৱট


অমিত শ্বাহৰ বক্তব্যৰ তীব্ৰ বিৰােধিতা ৰিপুণ বৰা আৰু দেৱব্ৰত শইকীয়াৰো

গুৱাহাটী : শুকুৰবাৰে ছত্তিশগড়ৰ ৰাইপুৰত এখন জনসভাত বিজেপি দলৰ সভাপতি অমিত শ্বাহে সম্পূর্ণ ভিত্তিহীন আৰু মিছা কথাৰে অসমৰ এন আৰ চি উন্নীতকৰণৰ সম্পৰ্কত দেশৰ জনগণক আভুৱা ভাৰি ভুল ব্যাখ্যা কৰিব বিচৰা কাৰ্যক প্রদেশ কংগ্রেছৰ তত্বাৱধায়ক হৰিশ ৰাৱটে তীব্র নিন্দা কৰিছে। বিজেপি সভাপতিজনে নিজৰ ভাষণত কৈছিল যে অসমত এনআৰচিৰ গােটেই কাম তেওঁলােকে কৰিলে আৰু ৪০ লাখ অবৈধ অনুপ্রৱেশকাৰী প্রথম দৃষ্টিতে (prima facie)চিনাক্ত কৰিবলৈ সক্ষম হৈছে।
বিজেপি সভাপতি গৰাকীৰ এই বক্তব্য অত্যন্ত তৰল, লজ্জাজনক আৰু দুর্ভাগ্যজনক। প্রথম কথা হ'ল এন আৰ চি উন্নীতকৰণৰ প্রক্রিয়া আৰম্ভ কৰিবলৈ কেন্দ্ৰত ইউ পি এ চৰকাৰ আৰু অসমত কংগ্ৰেছ চৰকাৰৰ দিনতে ২০০৫ চনত আছুৰ লগত অনুষ্ঠিত হােৱা ত্রিপাক্ষিক বৈঠকতে সিদ্ধান্ত গ্রহণ কৰা হৈছিল আৰু পয্যায়ক্রমে কংগ্ৰেছ চৰকাৰৰ দিনতে প্রায় ৮০% কাম সম্পূর্ণ হৈছিল। অসমৰ ৰাইজ এইবিষয়ে অৱগত।
ইয়াৰােপৰি অমিত শ্বাহে এন আৰ চিৰ চুড়ান্ত খচৰা প্ৰকাশৰ পাচত অসমত ৪০ লাখ অবৈধ অনুপ্রৱেশকাৰী চিনাক্ত হৈছে বুলি কি যুক্তিত বক্তব্য ৰাখিছে? বর্তমানলৈকে কোনাে সাংবিধানিক কৰ্তৃপক্ষই এই ৪০ লাখ লােকক বিদেশী বুলি ৰায়দান দিয়া নাই। তাৰােপৰি দেশৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা এই উন্নীতকৰণৰ প্রক্রিয়াত ন্যায়ালয়ৰ নির্দেশ অনুসৰি যি ৪০ লাখ নাগৰিকৰ নাম দ্বিতীয় খচৰাত অন্তর্ভুক্ত নহ'ল তেওঁলােকে অহা ২৫ ছেপ্টেম্বৰৰ পৰা পুনৰ তথ্য প্রমাণ দি নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰিব। গতিকে কিহৰ ভিত্তিত বর্তমানলৈকে ভাৰতীয় নাগৰিক হিচাপে অসমত বসবাস কৰি থকা ৪০ লক্ষ নাগৰিকক অমিত শ্বাহে অবৈধ অনুপ্রৱেশকাৰী আখ্যা দিবলৈ সাহস কৰিলে?
এনে বক্তব্যৰে মাথাে প্রকৃত ভাৰতীয় নাগৰিককে অপমান কৰা নাই, মহামান্য উচ্চতম ন্যায়ালয়ৰ নির্দেশকে অপমান কৰিছে। তেওঁ দেশৰ আইন আদালতৰ উৰ্ধত নেকি? যি মন যায় তাকে ক'ব। ভৱিষ্যতে এনেদৰে গােকাট মিছা তথা ভিত্তিহীন বক্তব্যৰে দেশৰ জনগণক ভুল পথে পৰিচালিত নকৰিবলৈ আৰু অপমান নকৰিবলৈ সকীয়াই দিয়ে।
আনহাতে প্রদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই অমিক শ্বাহৰ বক্তব্য সন্দৰ্ভত কয় যে খােদ বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কেইদিনমানৰ আগতে সংবাদ মেল সম্বােধন কৰি কৈছিল যে এন আৰ চি উন্নীতকৰণৰ বহু আঁসােৱাহ ৰৈ গৈছে আৰু যাৰ বাবে খােদ বিজেপি দলৰে বহু সংখ্যক নেতা কর্মীৰ নাম এন আৰ চিৰ দ্বিতীয় খচৰাত অন্তর্ভুক্ত নহ'ল।লগতে এন আৰ চিৰ সমন্বয়ক প্রতীক হাজেলাৰ বিৰুদ্ধে আইনী ব্যৱস্থা লােৱাৰ হুংকাৰ দিছিল। গতিকে মই অমিত শ্বাহক প্রশ্ন সুধিব বিচাৰাে যে বিজেপি দলৰ নেতা-কর্মীসকল অবৈধ অনুপ্রৱেশকাৰী নেকি?
কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াইও অমিত শ্বাহৰ বক্তব্যক তীব্র নিন্দা কৰিছে আৰু এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ সভাপতিৰ মুখত এনে ভিত্তিহীন আৰু তৰল মন্তব্য শােভা নাপায় বুলি অভিহিত কৰিছে। তেখেতে লগতে কয় যে মহামান্য উচ্চতম ন্যায়ালয়ৰ নির্দেশ অনুসৰি অহা ২৫ ছেপ্টেম্বৰৰ পৰা পুনৰ নামভৰ্তিৰ বাবে আবেদন পত্র গ্রহণৰ সময়ত প্রতিজন প্রকৃত ভাৰতীয় নাগৰিককে কংগ্ৰেছ দলে সহায়ৰ হাত আগবঢ়াই যাব। আমাৰ লক্ষ্যই হৈছে কোনাে প্রকৃত ভাৰতীয়ৰ নাম যাতে বাদ নপৰে আৰু কোনাে বিদেশীৰ নাম যাতে এন আৰ চিত অন্তৰ্ভূক্ত নহয়।

No comments:

Post a Comment

SPONSORED