সন্দেহৰ আৱৰ্তত এপিএছচিৰ কেলেংকাৰীত অসম আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া : অখিল গগৈ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 22, 2018

সন্দেহৰ আৱৰ্তত এপিএছচিৰ কেলেংকাৰীত অসম আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া : অখিল গগৈ

গুৱাহাটী : সন্দেহৰ আৱৰ্তত এপিএছচিৰ কেলেংকাৰীত অসম আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া— এই মন্তব্য কৃষক নেতা অখিল গগৈৰ। অখিল গগৈয়ে এক সংবাদ মেলৰ আয়োজন কৰি তেওঁ আৰু কয়যে— এতিয়া অসম আৰক্ষীৰ হাতত নাই আৰু গ্ৰেপ্তাৰ হ’বলগীয়া নতুন তালিকা৷ ৰাকেশ পালে দিয়া নিযুক্তিত আছিল ৯০ শতাংশ কেলেংকাৰী৷ কিন্তু তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেছৰ ৰাজনৈতিকভাৱে প্ৰভাৱিত হোৱা বাবেই আজিও সৰহসংখ্যক প্ৰাৰ্থী গ্ৰেপ্তাৰ নহ’ল৷ বিজেপি চৰকাৰে দিয়া এপিএছচিৰ কেলেংকাৰীৰ তদন্ত আংশিকহে কৰিছে যদিও এই তদন্ত বৰ্তমান সন্দেহৰ অৱৰ্তত৷
তেওঁ লগতে কয়— চাৰ্জশ্বীটত কিয় দিয়া হোৱা নাই ন্যায়াধীশৰ নাম আৰু তেওঁৰ পত্নীৰ নাম৷ ন্যায়িক ব্যৱস্থাৰ ওপৰত অভিযোগ কৰা হৈছে অথচ নাম উল্লেখ নকৰাটো দুৰ্ভাগ্যজনক৷ ইয়াৰোপৰি কিয় উদ্ধাৰ কৰা নহ’ল ১ কোটি টকা৷ কিয় তদন্তৰ আওঁতাত নাহিল ন্যায়াধীশ আৰু তেওঁৰ পত্নী? ইয়াৰ কাৰণেই সাৰি যাব সুৰজিৎ চৌধুৰী আৰু শৈলেন্দ্ৰ শৰ্মা বৰুৱা। যদি ন্যায়ধীশ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে সুৰজিৎ সিং পানেছৰৰ হাতত তথ্য প্ৰমাণ নাই তেনেহ’লে ন্যায়ালয়ক কালিমা সানিলে কিয়? তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেছৰক এনদৰেই সংবাদমেলৰ জৰিয়তে প্ৰশ্ন কৰে অখিল গগৈয়ে৷
এই ১ কোটি টকা উৎকোচ কেলেংকাৰীৰ তদন্ত কৰিব লাগে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ গণতন্তৰ প্ৰতি আস্থা ঘূৰি আহিবৰ বাবে তদন্তৰ প্ৰয়োজন। তৰুণ গগৈ, হিমন্ত বিশ্ব শৰ্মা আৰু গৌতম ৰয়ক গ্ৰেপ্তাৰ নকৰিলে সম্পূৰ্ণ নহয় এপিএছচি কেলেংকাৰীৰ তদন্ত। তথ্য লোৱাৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত কিয় যোগাযোগ নকৰিলে সুৰজিৎ সিং পানেছৰে? পলাতক এপিএছ ৰাকেশ গুপ্তাক কিয় গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে, কিয় চেষ্টাই নকৰিলে অসম আৰক্ষীয়ে। মূলত এই সংবাদ মেলত সুৰজিৎ সিং পানেছৰৰ তদন্ত অৰ্থহীন আখ্যা দি এপিএছচি কেলেংকাৰীৰ মুখ্য তদন্তকাৰী বিষয়াক আক্ৰমণৰ লক্ষ্য কৰি ল’লে অখিল গগৈয়ে।

No comments:

Post a Comment

SPONSORED