মৰাণত গুৰু গোঁ‌সাই নমনা অধ্যক্ষাৰ কাৰ্যালয়ত আছুৱে ওলমালে তলা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, September 26, 2018

মৰাণত গুৰু গোঁ‌সাই নমনা অধ্যক্ষাৰ কাৰ্যালয়ত আছুৱে ওলমালে তলা


মৰাণ : নাও বুৰিলেও টিঙৰ পৰা ননমা অধ্যক্ষা বিৰোদ্ধে সৰব হৈ পৰিছে খোৱাং আঞ্চলিক ছাত্ৰ সন্থা । মৰাণৰ সমীপৰ খোৱাং পিথুবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষাৰ মইমতালিয়ে অতিষ্ঠ কৰিছে ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীৰ লগতে সচেতন মহলক। আজিৰ পৰা দুমাহৰ আগতে অধ্যক্ষা মিনা দেৱীয়ে " অসমীয়া মানুহে দমত কথা কোৱাৰ বাবেই উন্নতি নাই" বুলি কোৱা জাতিদ্ৰোহী মন্তব্যই উত্তেজিত কৰি তুলিছে খোৱাং।
বিদ্যালয়ৰ শৈক্ষিক দিশৰ প্ৰতি লক্ষ্য ৰাখি খোৱাং আছুৱে অধ্যক্ষা গৰাকীক ৰাজহুৱা ভাৱে ক্ষমা খোজাৰ দাবী তুলিছিল যদিও আজি পৰ্যন্ত ক্ষমা খুজিবলৈ অমান্তি হোৱাত আছু দলটো ক্ষুব্ধ হৈ অধ্যক্ষা গৰাকীৰ কাৰ্যালয়টো অনিষ্ট কালৰ বাবে তলা বন্ধ কৰি দিয়ে । উল্লেখ্য যে এই জাতিদ্ৰোহী মন্তব্য কৰাৰ পিছত খোৱাং আছুৰ দলটোৱে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত, জিলা শিক্ষা বিষয়া কাৰ্যালয় আৰু খোৱাং আৰক্ষী থানাত পৃথকে পৃথকে স্মাৰক পত্ৰ আৰু এজাহাৰ দাখিল কৰিছিল অধ্যক্ষা গৰাকীক অপসাৰণ কৰাৰ বাবে । কিন্তু কোনো এটা বিভাগেই অধ্যক্ষা গৰাকীৰ ওপৰত কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰিলে । আছুৰ দাবী যেতিয়ালৈকে অধ্যক্ষা গৰাকীয়ে ক্ষমা নুখুজে তেতিলৈকে তেওঁলোকৰ আন্দোলন চলি থাকিব । আনহাতে অধ্যক্ষা গৰাকীৰ এনে ধৰণৰ গুৰু গোঁ‌সাই নমনা স্বভাৱে বিদ্যালয়খনৰ ছাত্ৰী সকলৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাত চিন্তিত হৈ পৰিছে অভিভাৱকৰ লগতে সচেতন মহল ।

No comments:

Post a Comment

SPONSORED