নামৰূপ : আজি জনতা ভৱনৰ বিধানসভাকক্ষত আছাম প্ৰেছ ক’ৰেছপণ্ডেণ্টছ ইউনিয়ন ( আপকু )ৰ ডিব্ৰুগড় জিলা সমিতিৰ এক সঁজাতী দলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি কৰ্মৰত সাংবাদিকৰ সমস্যা সমাধানৰ লগতে ডিব্ৰুগড় জিলাৰ বিভিন্ন আৰ্থসামাজিক সমস্যা সমাধানৰ দাবীত স্মাৰকপত্ৰ প্ৰদান কৰে৷ আপকুৰ সঁজাতী দলটোত কেন্দ্ৰীয় সভাপতি মনোজ সিং , কাৰ্যকৰী সভাপতি মৌচমজ্যোতি বৈশ্য , ডিব্ৰুগড় জিলাৰ সভাপতি আব্দুল ৰাজ্জাক , সহকাৰী সম্পাদক আচিফ ইকবাল , ডিব্ৰুগড় জিলাৰ বিতুল বৰুৱা , হীৰেণ গগৈ , কামৰূপ জিলাৰ সম্পাদক নিৰেণচন্দ্ৰ মালি , নাহৰকটীয়াৰ গুণাভি কোঁৱৰ আৰু বিশেষভাৱে অসম পেট্ৰকেমিকেলছৰ উপাধ্যক্ষ বিকুল ডেকা উপস্থিত থাকে ৷ নাহৰকটীয়াৰ প্ৰয়াত সাংবাদিক বিপুল ভাগৱতীৰ পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদান কৰা , ডিব্ৰুগড়ত উন্নতমানৰ সাংবাদিক অতিথিশালা আৰু সাংবাদিক প্ৰশিক্ষণ কৰ্মশালা ভৱন নিৰ্মাণ কৰা , গুৱাহাটীত সাংবাদিক অতিথিশালা নিৰ্মাণ কৰা , নামৰূপ সাৰকাৰখানা কাৰ্যক্ষম কৰি তোলাৰ লগতে শীঘ্ৰে প্ৰস্তাৱিত চতুৰ্থগোটটো নিৰ্মাণ কৰা , ডিব্ৰুগড় জিলাৰ ৰহমৰীয়া প্ৰস্তাৱিত গড়াখহনীয়া প্ৰতিৰোধ প্ৰকল্পৰ ৭৮ কোটি ৮৪ লাখ টকা শীঘ্ৰে মুকলি কৰি কামৰ গতি খৰতকীয়া কৰাৰ ব্যৱস্থা কৰা , ডিব্ৰুগড় জিলাত গা কৰি উঠা মাদকদ্ৰব্য আৰু ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা , সকলো কৰ্মৰত সাংবাদিকৰ সামাজিক- আৰ্থিক নিৰাপত্তা সুনিশ্চিত কৰা আদি দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰে আপকুৰ ডিব্ৰুগড় জিলা সমিতিয়ে ৷ মুখ্যমন্ত্ৰীয়ে পৰ্যায়ক্ৰমে সমস্যাসমূহ সমাধানৰ আশ্বাস দিয়ে৷
Responsive Ads Here
Wednesday, September 26, 2018

Home
আঞ্চলিক
মুখ্যমন্ত্ৰীক সাক্ষাৎ আপকুৰ সঁজাতী দলৰ : ডিব্ৰুগড়ত উন্নতমানৰ সাংবাদিক ভৱন নিৰ্মাণৰ লগতে বিভিন্ন সমস্যা সমাধানৰ দাবীত স্মাৰকপত্ৰ প্ৰদান
মুখ্যমন্ত্ৰীক সাক্ষাৎ আপকুৰ সঁজাতী দলৰ : ডিব্ৰুগড়ত উন্নতমানৰ সাংবাদিক ভৱন নিৰ্মাণৰ লগতে বিভিন্ন সমস্যা সমাধানৰ দাবীত স্মাৰকপত্ৰ প্ৰদান
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment