ওদালগুৰি : ওদালগুৰি জিলাৰ ভূটান সীমান্তৱৰ্তী বাদলাপাৰা, ধৰমজুলি, শুক্লাই আদি অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত আছে৷ কালি নিশা দহটা পৰিয়ালৰ ঘৰ ভাঙি চাউল-দাইল খাই তহিলং কৰিলে বন্যহস্তীয়ে৷ শুক্লাই, ধৰমজুলি, বাদলাপাৰ, নালাপাৰাত বন্যহস্তীৰ এটা বৃহত্ জাকে কান্টিৰাম ৰাজভৰ, হীৰাচৰণ ৰাজভৰ, হীৰালাল ৰাজভৰৰ লগতে আন কেইবাগৰাকী লোকৰ বাসগৃহ ভঙাৰ লগতে তামোল গছ ভাঙি অনিষ্ট কৰে। উল্লেখযোগ্য যে, বিগত দহ-বাৰ দিন ধৰি উক্ত অঞ্চলত শতাধিক বন্যহস্তীয়ে মুক্ত বিচৰণ কৰি উক্ত অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিছে৷ এইক্ষেত্ৰত বন বিভাগে হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে সময়োপযোগী পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷
Responsive Ads Here
Friday, September 28, 2018

ডিমাকুছিত বনৰীয়া হাতীৰ উপদ্ৰৱ, বাসগৃহৰ ক্ষতিসাধন
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment