যোৰহাটতো কণীৰ ছিণ্ডিকেট আৰম্ভ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, September 28, 2018

যোৰহাটতো কণীৰ ছিণ্ডিকেট আৰম্ভ


গোলাঘাট  : গোলাঘাট আৰক্ষীৰ প্রত্যক্ষ পৃষ্ঠপোষকতাত জিলাখনত দীর্ঘদিনৰ পৰা কণীৰ ছিণ্ডিকেট চলাই থকা গোলাঘাটৰ কুখ্যাত ছিণ্ডিকেট মাষ্টাৰ বাবুলৰ নেতৃত্বত এইবাৰ যোৰহাটতো আৰম্ভ হৈছে এক ভয়ংকৰ কণীৰ ছিণ্ডিকেট৷ চৰকাৰক কোনোধৰণৰ কৰ নিদিয়াকৈ ছিণ্ডিকেট মাষ্টাৰ বাবুলে যোৰহাটত শেহতীয়াকৈ চলোৱা এই বৃহৎ ছিণ্ডিকেটৰ অন্যতম প্রধান অংশীদাৰ হৈছে কৃষি বিপণন পৰিষদৰ কেইজনমান বিষয়া৷

এই বিষয়া-কেইজনৰ লগত হোৱা বুজাবুজি মর্মে বাবুলে অন্ধ্রপ্রদেশৰ পৰা যোৰহাট আৰু গোলাঘাটলৈ অনা কণীৰ কৃষি বিপণনৰ কৰ মাফ কৰি দিয়া হৈছে৷ তাৰ বিনিময়ত কৃষি বিপণনৰ পৰিদর্শকসহ কেইজনমান বিষয়াই প্রতিমাহে মোটা অংকৰ কমিছন লাভ কৰি আছে৷ এই বিস্ফোৰক তথ্য পোহৰলৈ আহিছে আমি শেহতীয়াকৈ চলোৱা এক অনুসন্ধানত৷ উল্লেখযোগ্য যে গোলাঘাটত ছিণ্ডিকেটৰ বিৰুদ্ধে প্রৱল জনমত সৃষ্টি হোৱাৰ পাছত বাবুল যোৰহাটলৈ গুচি আহে আৰু বর্তমান যোৰহাটতে এই ছিণ্ডিকেট প্রসাৰত ব্যস্ত হৈ আছে৷ আমাৰ হাতত থকা তথ্য মতে, বর্তমান বাবুলে যোৰহাটলৈ সপ্তাহত তিনিদিন অন্ধ্রৰ পৰা কণী আনে৷

সকলোধৰণৰ কৰ ফাঁকি দি অনা এই কণী যোৰহাটৰ বজাৰত অভাৱনীয়ভাৱে কম মূল্যত এৰি দিছে৷ যোৰহাটৰ বিষ্টুৰাম বৰুৱা হল বজাৰ অঞ্চলত গুদাম লৈ কণীৰ ছিণ্ডিকেট চলোৱা বাবুল এণ্ড কোম্পানীয়ে কৰ সংগ্রহ কৰিবলৈ যোৱা লেচীকো ডাবি-ধমকিৰে খেদি ওলোটাই লেচীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে৷ তাৎপর্যপূর্ণ কথা এয়ে যে বাবুলে চলোৱা এই ছিণ্ডিকেটৰ ফলত যোৰহাট সৰু-বৰ অসংখ্য কণী বেপৰীৰ ভাত মৰাৰ উপক্রম হৈছে৷

কাৰণ কোনোধৰণৰ কৰ-কাটল পৰিশোধ নকৰাকৈ যোৰহাটলৈ অনা কণী বাবুলে বজাৰখন দখল কৰিবৰ বাবে প্রথম অৱস্থাত অতি কম মূল্যত এৰি দিছে৷ এবাৰ বজাৰখন এই ছিণ্ডিকেটে দখল কৰি লোৱাৰ পাছত নিজৰ ইচছাত কণীৰ মূল্য নিয়ন্ত্রণ কৰিব৷ জানিব পৰা মতে, গোলাঘাটত এই পদ্ধতিৰেই ইছলাম পট্টিৰ ছিণ্ডিকেট মাষ্টাৰ বাবুলে প্রতিমাহে লাখ লাখ টকাৰ এক ভয়ংকৰ কণীৰ ছিণ্ডিকেট চলাই যাবলৈ সক্ষম হৈছে৷ তাৎপর্যপূর্ণ কথা এয়ে বাবুলে নির্ধাৰণ কৰা কণীৰ মূল্য যোগান বিভাগ বা প্রশাসনেও নিয়ন্ত্রণ কৰিবলৈ সাহস কৰিব নোৱাৰে৷

No comments:

Post a Comment

SPONSORED