গুৱাহাটী : আজি ৰাজ্যৰ চলচ্চিত্ৰ গৃহত মুক্তি পাইছে ৰীমা দাসৰ অস্কাৰ মনোনীত ছবি ভিলেজ ৰকষ্টার্ছে৷ বিশ্বৰ বিভিন্ন দেশত অনুষ্ঠিত চলচ্চিত্ৰ মহোৎসৱত প্রদর্শিত হৈ সুনাম অর্জনৰ উপৰি ৰাষ্ট্রীয় চলচ্চিত্ৰ বঁটা লাভেৰে ইতিমধ্যে ভিলেজ ৰকষ্টার্ছৰ জৰিয়তে ৰীমা দাসে অসমবাসীক গৌৰৱান্বিত কৰিছে৷ গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানৰ চিত্রগৃহত কাইলৈ ছবিখন মুক্তি দিয়া হ’ব৷
তদুপৰি মুম্বাই, দিল্লী, হায়দৰাবাদ, কলকাতা আদিতো মুক্তি দিয়া হ’ব ভিলেজ ৰকষ্টার্ছক৷ ছবিখনৰ প্রতি দর্শকৰ উৎসুকতা থকা বুলি মন্তব্য কৰিছে ৰীমা দাসে৷কালি গুৱাহাটী প্রেছ ক্লাবৰ এখন সংবাদমেল সম্বোধন কৰি ৰীমা দাসে ভিলেজ ৰকষ্টার্ছ উপভোগ কৰিবলৈ অসমৰ ৰাইজৰ প্রতি আহবান জনায়৷ ভিলেজ ৰকষ্টার্ছ নির্মাণৰ অনুভূতি ৰাজহুৱা কৰি ৰীমা দাসে কয় যে নদী, পথাৰৰ লগত থকা সম্পর্কই তেওঁক অনুপ্রেৰণা যোগাইছিল৷
‘চিনেমাখন নির্মাণৰ বাবেই মুম্বাইৰ পৰা গাঁৱলৈ আহিছিলোঁ৷ শিশুৰ মাজত বহু গুণ থাকে৷ চিনেমাখনত অভিনয় কৰা বেছিভাগ শিশু অভিনয় শিল্পী দুখীয়া পৰিয়ালৰ৷ বহুতৰে পিতৃয়ে হাজিৰা কৰে৷ শিশু অৱস্থাত যিবোৰ সপোন থাকে, সময়ৰ সোঁতত সেই সপোনবোৰ নোহোৱা হৈ যায়৷ সেয়ে তেনেবোৰ সপোন জীয়াই ৰাখিবৰ বাবে চিনেমাখন নির্মাণ কৰা হৈছে৷ এজনী সৰু ছোৱালীক লৈ চিনেমাখন আৰম্ভ হৈছে৷’ তেওঁ লগতে কয় যে পৰিয়াল, ঈশ্বৰ, প্রকৃতিয়ে ভিলেজ ৰকষ্টার্ছ নির্মাণত সহায় কৰিছিল৷ সম্পূর্ণ ৪ বছৰৰ অক্লান্ত শ্রম, শ্বুটিঙৰ অন্ততহে মনে বিচৰা অনুসৰি নির্মাণ হৈ উঠিছিল ভিলেজ ৰকষ্টার্ছ৷
সংবাদমেলত ৰীমা দাসে পুনৰ কয় যে তুৰস্ক, ফ্রান্স, বার্লিন আদি আন্তজার্তিক চলচ্চিত্ৰ মহোৎসৱত ছবিখন প্রদর্শিত হোৱাটো তেওঁৰ এক সপোন আছিল৷ ‘চিনেমাখন চোৱাৰ পাছত বিদেশৰ দর্শকে মোৰ ওচৰলৈ আহি যি প্রশংসা কৰিছিল, মৰম দিছিল তাত মই আপ্লুুত হৈছিলোঁ৷’ ইফালে ভিলেজ ৰকষ্টার্ছৰ অস্কাৰ প্রম’শ্যনৰ বাবে প্রায় ৩ কোটি টকাৰ প্রয়োজন হ’ব৷ অসম চৰকাৰে ৫০ লাখ টকাৰ সাহায্য প্রদান কৰিবলৈ সিদ্ধান্ত লোৱাত ৰীমাই সন্তোষ প্রকাশ কৰে৷ বহু মানুহে সহায়-সহযোগৰ প্রতিশ্রুতি দিয়া বুলিও ৰীমা দাসে ব্যক্ত কৰে৷ আজি গুৱাহাটীকে ধৰি ৰাজ্যৰ ৩৪টা ছবিগৃহত ভিলেজ ৰকষ্টার্ছে মুক্তি পাইছে৷