প্রাক্তন সচিব চবিন ৰাজখোৱাক গ্রেপ্তাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, September 28, 2018

প্রাক্তন সচিব চবিন ৰাজখোৱাক গ্রেপ্তাৰ


গুৱাহাটী : অসম চুক্তিৰ ফলস্বৰূপে ৰাজ্যবাসীয়ে লাভ কৰা শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত উন্নয়নৰ ধন উদৰস্থ কৰি দুর্নীতিৰ পাহাৰ গঢ়া প্রাক্তন সচিব চবিন ৰাজখোৱা অৱশেষত আৰক্ষীৰ জালত পৰিল৷ অসমৰ থলুৱা লোকনাট্যৰ প্রসাৰৰ বাবে অহা ১.১০ কোটি টকা অপব্যয় কৰাৰ এক বৃহৎ কেলেংকাৰিৰ অভিযোগত অসম আৰক্ষীৰ তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাই আজি ৰাজখোৱাক গ্রেপ্তাৰ কৰে৷ উচচতম ন্যায়ালয়ৰ পৰা অগ্রিম জামিন লৈ ৰাজখোৱাই গ্রেপ্তাৰৰ পৰা হাত সাৰিবৰ বাবে কৰা চেষ্টাও ব্যর্থ হয়৷

কেলেংকাৰি সন্দর্ভত ২০১৭ চনৰ জুলাই মাহতে দুর্নীতি নিবাৰক শাখাই ৰুজু কৰা গোচৰৰ বাবে আজি পুৱা জেৰাৰ বাবে তলব কৰে ৰাজখোৱাক৷ দুর্নীতি নিবাৰক শাখাৰ কার্যালয়ত হাজিৰ হোৱা ৰাজখোৱাক সামান্য জেৰাৰ পাছতে দুপৰীয়া গ্রেপ্তাৰ কৰা হয়৷ গ্রেপ্তাৰৰ পাছতে আৰক্ষীয়ে ৰাজখোৱাক ৰাজ্যৰ বিশেষ আদালতত হাজিৰ কৰে৷ আদালতে তেওঁক ৪ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰে৷ প্রণিধানযোগ্য যে এই গোচৰৰ বাবে বিগত ৫ মার্চত দুর্নীতি নিবাৰকে ৰাজখোৱাৰ কার্যকালত কলাক্ষেত্রৰ কোষাধ্যক্ষ তথা সহকাৰী গাণনিক হিচাপে দায়িত্ব পালন কৰি থকা দ্বীপেন শর্মাক গ্রেপ্তাৰ কৰিছিল৷

আৰক্ষীৰ জেৰাত তেওঁ তেতিয়াৰ সচিব ৰাজখোৱাৰ নির্দেশত ২.৫ কোটি টকা একাউণ্টৰ পৰা উলিয়াই এজন অজ্ঞাত লোকক প্রদান কৰাৰ কথা সদৰী কৰিছিল৷ সেই বৃহৎ ধনৰ বাবত লোকজনৰ পৰা কোনো ৰচিদ নোলোৱাৰ লগতে কলাক্ষেত্রৰ কেছবুকতো সেই ধনৰ কোনো তথ্য সন্নিৱিষ্ট কৰা হোৱা নাছিল৷ উল্লেখযোগ্য যে চবিন ৰাজখোৱা শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ সচিব হিচাপে ২০০৯ চনৰ ২ জুলাইৰ পৰা ২০১১ চনৰ ১১ জুলাইলৈ কার্যনির্বাহ কৰিছিল৷ এই সময়ছোৱাত তেওঁ বহু দুর্নীতি কৰাৰ অভিযোগ উঠিছিল৷

ইয়াৰ ভিতৰত কেন্দ্রীয় চৰকাৰৰ অধীনস্থ ইন্দিৰা গান্ধী ৰাষ্ট্রীয় কলা কেন্দ্রই (ইন্দিৰা গান্ধী নেশ্যনেল চেণ্টাৰ ফৰ আর্টছ) অসমৰ থলুৱা লোকনাট্যৰ বিকাশৰ বাবে প্রদান কৰা ১.১০ কোটি টকাৰ অপব্যয়ো অন্যতম দুর্নীতি আছিল৷ ২০১১-১২ বর্ষত প্রদান কৰা এই পুঁজিৰে কলাক্ষেত্রই ৰাজ্যৰ বিভিন্ন স্থানত ২০১১ চনৰ ২৩-২৮ মার্চলৈ থলুৱা লোকনাট্যৰ কার্যসূচী গ্রহণ কৰিছিল৷ কিন্তু এই সীমিতসংখ্যক অনুষ্ঠানত ইমান বৃহৎ ধন ব্যয় হোৱা দেখুওৱাত সন্দেহৰ উদ্রেক হয়৷ পৰৱর্তী পর্যায়ত সংবাদ মাধ্যমতো এই সন্দর্ভত বাতৰি প্রকাশ পায়৷ ইফালে এই পুঁজিৰ অপব্যৱহাৰ সন্দর্ভত উত্থাপন হৈ থকা অভিযোগ সন্দর্ভত দুর্নীতি নিবাৰক শাখাই ২০১৭ চনত ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)৪৬৮৪২০৪০৯ ধাৰা আৰু দুর্নীতি প্রতিৰোধ আইন ১৯৮৮ৰ ১৩(১)(ডি)১৩(২) ধাৰাৰ অধীনত ২২২০১৭ নম্বৰত এটা গোচৰ ৰুজু কৰে৷

গোচৰ ৰুজু কৰাৰ পাছতে প্রাথমিক অনুসন্ধান চলোৱা আৰক্ষীয়ে কেলেংকাৰিৰ বহু তথ্য লাভ কৰে৷ এই তথ্যৰ ভিত্তিতে যোৱা ৫ মার্চত দ্বীপেন শর্মাক গ্রেপ্তাৰ কৰিছিল৷ আৰক্ষীৰ জেৰাত তেওঁ সচিব চবিন ৰাজখোৱাৰ নির্দেশত কোনো নথি-পত্র অবিহনে অজ্ঞাত লোকক উক্ত পুঁজিৰ ধন প্রদান কৰাৰ তথ্য সদৰী কৰে৷ আৰক্ষীয়ে তেওঁক লগত লৈ কলাক্ষেত্রত অভিযান চলোৱাৰ সময়তো বহু তথ্য লাভ কৰিছিল৷ ইফালে গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰাৰ সময়তে গ্রেপ্তাৰৰ পৰা হাত সাৰিবৰ বাবে ৰাজখোৱাই গুৱাহাটী উচচ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷ কিন্তু উচচ ন্যায়ালয়ে তেওঁৰ অগ্রিম জামিন প্রদান নকৰাত উচচতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷

উচচতম ন্যায়ালয়ৰ পৰা অগ্রিম জামিন লাভ কৰি সাময়িক সকাহ লাভ কৰিলেও তেওঁক আজি গ্রেপ্তাৰ কৰা হয়৷ প্রণিধানযোগ্য যে পূর্বে কংগ্রেছ দলৰ সদস্য পদ থকা ৰাজখোৱাই গ্রেপ্তাৰৰ পৰা ৰক্ষা পৰাৰ বাবে আনকি বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পাছত বিজেপিত যোগদান কৰিছিল৷ উল্লেখযোগ্য যে এইজন প্রাক্তন সচিব চবিন ৰাজখোৱাৰ দুর্নীতিৰ বিভিন্ন বাতৰি দৈনিক জনমভূমি কাকতত প্রকাশ কৰাৰ বাবেই তেওঁ কাকতখনৰ বিৰুদ্ধে দুটাকৈ গোচৰো দিছিল৷


No comments:

Post a Comment

SPONSORED