বিশ্বনাথ চাৰিআলি : বিশ্বনাথ জিলাৰ চতিয়াৰ পশ্চিম কুৰুৱাআটি প্রাথমিক বিদ্যালয়ত ছাত্র-ছাত্রীৰ সংখ্যা ৪৪জনৰ বিপৰীতে শিক্ষক এজন৷ বিদ্যালয়খন বর্তমান চৰ্চাৰ কেন্দ্রবিন্দু হৈ পৰিছে৷ কিয়নো এই বিদ্যালয়খনলৈ জীৱনৰ আদিপাঠ গ্রহণ কৰিবলৈ কণমানি ছাত্র-ছাত্রীসকলে ওফন্দি থকা ঘিলাধাৰী নদী পাৰ হ’ব লাগে৷
পাৰ হ’বলৈ নাই কোনো দলং অথবা নাও৷ নৈ পাৰ হোৱা দৃশ্য দেখিলে হতচকিত হৈ পৰিব লাগে, যি দৃশ্য নেদেখিলে কল্পনা কৰিব নোৱাৰি৷ নৈ পাৰ হ’বলৈ ছাত্র-ছাত্রীসকলে ব্যৱহাৰ কৰি আহিছে টৌ৷ টৌৰ ভিতৰত বহি হাতেৰে পানী ঠেলি ঠেলি কণমানি ছাত্র-ছাত্রীসকল বিদ্যালয়লৈ অহা-যোৱা কৰি আহিছে অতি বিপদসংকুলভাৱে৷ এনেদৰেই জীৱন গঢ়াৰ যুঁজত অৱতীর্ণ এই অঞ্চলৰ ছাত্র-ছাত্রী৷
এই দৃশ্য প্রত্যক্ষ কৰাৰ পাছত ডিজিটেল ইণ্ডিয়া আৰু সব কা সাথ সব কা বিকাশ যে মাথোঁ হাস্যকৰ শ্ল’গান সেয়া ভাবিবলৈ সকলো বাধ্য৷ বিদ্যালয়খনৰ একমাত্র শিক্ষক জিতুমণি দাসে লগতে লৈ আহে টিয়নি৷ শিক্ষক দাসে নিতৌ নদী সাঁতুৰি ইপাৰ-সিপাৰ হৈ পাঠদান কৰি আহিছে৷ ৰাইজৰ অভিযোগ, বিশ্বনাথ সমষ্টিৰ জনপ্রতিনিধিজনৰ সমষ্টি উন্নয়নৰ প্রতি অনীহা তথা দূৰদর্শিতাৰ অভাৱৰ ফল এনেদৰেই ভোগ কৰিব লগাত পৰিছে সমষ্টিবাসীয়ে৷
No comments:
Post a Comment