মহিলা বিশ্ববিঃৰ বাবে উপাচার্য, পঞ্জীয়কৰ পদ সৃষ্টি কৰা হৈছে - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, September 27, 2018

মহিলা বিশ্ববিঃৰ বাবে উপাচার্য, পঞ্জীয়কৰ পদ সৃষ্টি কৰা হৈছে


যোৰহাট : যোৰহাটস্থিত অসম মহিলা বিশ্ববিদ্যালয়ৰ বাবে উপাচার্য, পঞ্জীয়কসহ ৭টা পদ সৃষ্টি কৰা হৈছে৷ উপাচার্য আৰু পঞ্জীয়কৰ উপৰি শৈক্ষিক পঞ্জীয়ক, বিত্ত বিষয়া, পৰীক্ষা নিয়ন্ত্রক, জুনিয়ৰ একাউণ্টেণ্ট, জুনিয়ৰ এডমিনিষ্ট্রেটিভ এছিষ্টেণ্টছ পদ সৃষ্টি কৰা হৈছে বুলি আজি বিধানসভাৰ মজিয়াত সদৰী কৰে শিক্ষা ৰাজ্যিক মন্ত্রী পল্লৱলোচন দাসে৷

বিধায়ক দেবব্রত শইকীয়াই বিশ্ববিদ্যালয়খনক পূর্ণাংগ ৰূপে গঢ়ি তুলিবলৈ চৰকাৰে কি কি পদক্ষেপ গ্রহণ কৰিছে বুলি উত্থাপন কৰা প্রশ্নৰ উত্তৰত শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্রীজনে এই তথ্য দাঙি ধৰে৷ ৰাজ্য চৰকাৰে ২০১৬-১৭ বিত্তীয় বর্ষত ২ কোটি ৩০ লাখ ২৫ হাজাৰ টকা আৰু ২০১৭-১৮ বিত্তীয় বর্ষত ৩ কোটি ৫০ লাখ টকা মহিলা বিশ্ববিদ্যালয়খনৰ বাবে আবণ্টন দিছে৷

বিগত দুটা বিত্তীয় বর্ষত মুঠ ৫ কোটি ৮০ লাখ ১৫ হাজাৰ টকা মহিলা বিশ্ববিদ্যালয়খন স্থাপন আৰু কর্মচাৰীৰ দৰমহাত ব্যয় কৰা হৈছে৷ উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে পৰিপূৰক দাবী মঞ্জুৰিৰ জৰিয়তে ১০ কোটি টকা মহিলা বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্রস্তাৱ কৰিছিল৷

No comments:

Post a Comment

SPONSORED