কোকৰাঝাৰ : অসম তথা বি টি এ ডিৰ বাবে গৌৰৱৰ লগতে আনন্দ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে কোকৰাঝাৰৰ এগৰাকী মহিলাই। সেয়াই হল কোকৰাঝাৰ ৱাৰ্ড ন -৫ টেঙাপাৰাৰ বাসিন্দা নিতু বসুমতাৰী । চলিত চেপ্টেম্বৰ মাহৰ ১৬ তাৰিখে ৰাজস্থানৰ বিলৱাৰাত আলক্স ৰিজৰ্ট " ত ভাইৰাছ এণ্ড ইন্টাৰটেন্টমেন্টে আয়োজিত " মিছ / মিছেছ ডিভা অফ ইণ্ডিয়া ইন্টাৰনেছনেল ছিজন-৩ " এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফেশ্বন শ্ব প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিতু বসুমতাৰীয়ে " মিছেছ ডিভা অফ ইণ্ডিয়া ইন্টাৰনেছনেল " উপাধিৰে ফেশ্বন প্ৰতিযোগিতাৰ বিজয়ী খিতাপ অৰ্জন কৰি বি টি এ ডি আৰু অসমৰে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
কোকৰাঝাৰ চহৰৰ এগৰাকী বহু সম্ভাৱনাময় মহিলাগৰাকীয়ে ফেশ্বন জগতত নিজৰ নাম উজলাবলৈ সমৰ্থ হোৱাৰ আঁৰত নিজৰ স্বামী আৰু কোকৰাঝাৰৰ এগৰাকী ফেশ্বন জগতত নিজকে স্থাপন কৰিব পৰা তথা ভাইৰাছ এণ্ড ইন্টাৰটেন্টমেন্টেৰ ৰাজ্যিক সঞ্চালক নৱনিতা বট্ৰাই অহৰহ সহায় কৰা বুলি কৃতজ্ঞতা জ্ঞাপন কৰে। মহিলা গৰাকীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অসমৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ৰ খিতাপ দখল কৰিবলৈ সক্ষম হোৱাত কোকৰাঝাৰত আনন্দৰ জোৱাৰ উঠে। বিজয়ী হোৱাত উৎফুল্লিত হৈ পৰিছে নিতু বসুমতাৰী আৰু পৰিয়ালবৰ্গ সহ অনুৰাগী সকল। বৃহস্পতিবৰে কোকৰাঝাৰৰ এখন বিলাসী হোটেল গৌৰাং ভেলিত আয়োজিত সংবাদ মেলৰ জৰিয়তে এই সুখবৰ অৱগত কৰে নিতু বসুমতাৰীয়ে। ৰাষ্ট্ৰীয় ফেশ্বন প্ৰতিযোগিতাত বিজয়ৰ মুকুট লাভ কৰিবলৈ সক্ষম হোৱা নিতু বসুমতাৰীক অনুৰাগী সকলে ফুলৰ উপহাৰ , আৰনাই আদিৰে উষ্ম আদৰণি জনায়। সাংবাদিকৰ আগত নিতু বসুমতাৰীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সপোন আছে বুলিও প্ৰকাশ কৰিছে। আনহাতে এই একেখন প্ৰতিযোগিতাত কোকৰাঝাৰৰে আন এগৰাকী কন্যা প্ৰিয়ংকা আঞ্চালিয়াই "মিছ ডিভা অফ ইণ্ডিয়া ভিভাছিয়েল" উপাধি লাভ কৰিবলৈ সক্ষম হোৱা বুলি জনা গৈছে।
No comments:
Post a Comment