বৰপেটাত চিকিৎসক-সহ ৪ জনক গ্রেপ্তাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, September 21, 2018

বৰপেটাত চিকিৎসক-সহ ৪ জনক গ্রেপ্তাৰ


বৰপেটা : ৰাজ্যত সংঘটিত কেইবা কোটিটকীয়া বীমা কেলেংকাৰিৰ সৈতে জড়িত এজন চৰকাৰী চিকিৎসক আৰু দুটা দালালক আজি বৰপেটা আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা চিকিৎসকজন বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ শ্বহিদুল ইছলাম বুলি জানিব পৰা গৈছে৷ আনহাতে ধৃত দালাল দুটা হৈছে জনিয়াৰ মহম্মদপুৰ গাঁৱৰ ইছমাইল হুছেইন আৰু একাববৰ আলী৷ আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত মফিদা বেগম নামৰ এগৰাকী মহিলাকো গ্রেপ্তাৰ কৰে৷

জানিব পৰা মতে, ৰাজ্যখনৰ এটা বৃহৎ চক্রই বিভিন্ন অঞ্চলৰ মৃত ব্যক্তিৰ নামত বীমাৰ পলিচি খুলি বিভিন্ন বীমা প্রতিষ্ঠানৰ পৰা কোটি কোটি টকা সৰকাই নিছে৷ কিছুদিন পূর্বে গুৱাহাটী উচচ ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আৱেদনত ৰাজ্যখনত ইতিমধ্যে প্রায় ৫০০ কোটি টকাৰ বীমা কেলেংকাৰি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহে৷ সর্বাধিক বীমা কেলেংকাৰি সংঘটিত হৈছে দৰং আৰু বৰপেটা জিলাত৷

বীমা কোম্পানীৰ বিষয়া, এজেণ্টকে ধৰি গাঁওবুঢ়া, চিকিৎসক, দালাল আদি বিভিন্ন স্তৰৰ লোক এই কেলেংকাৰিৰ সৈতে জড়িত হৈ আছে৷ বৰপেটাৰ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত ডাঃ শ্বহিদুল ইছলাম নামৰ চিকিৎসকজনৰ লগতে ইছমাইল হুছেইন, একাববৰ আলীক গ্রেপ্তাৰ কৰাৰ পাছত প্রয়াত নবাব আলীৰ নামত পলিচি খোলা নবাবৰ পত্নী মফিদা বেগমকো আটক কৰে৷ চিকিৎসক শ্বহিদুলে মৃত্যুৰ ভুৱা প্রমাণ-পত্র আৰু মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন প্রদানৰ সৈতে জড়িত থকাৰ বিপৰীতে দালাল ইছমাইল হুছেইন আৰু নবাবৰ ভিনিহিয়েক একাববৰ আলীয়ে পলিচি হল্ডাৰৰ পৰিয়াল তথা নমিনি আৰু বীমা কোম্পানীৰ অনুসন্ধানকাৰী বিষয়াৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিছিল৷

এনেদৰে নবাব আলী নামৰ মৃত ব্যক্তিজনৰ নামত কেইবাটাও ভুৱা বীমা পলিচি খুলি চক্রটোৱে বীমা কোম্পানীৰ পৰা কেইবা কোটি টকা সৰকাই নিছিল৷ নবাবৰ নামত খোলা পলিচিৰ বিপৰীতে পাবলগীয়া বীমাৰ ধন তেওঁৰ পত্নী মফিদা বেগমৰ বেংক একাউণ্টযোগে আদায় দিয়া হৈছিল৷ সম্প্রতি আৰক্ষীৰ ফালৰ পৰা নিজাববীয়াকৈ ১৯০৭১৮ এটা গোচৰ ৰুজু কৰি আটাইকেইজনকে বৰপেটা থানাত জেৰা কৰি থকা হৈছে৷

No comments:

Post a Comment

SPONSORED