মৰাণ : শাৰদীয় দুৰ্গা পূজালৈ আৰু মাত্ৰ দুটামান দিন বাকী। চৌদিশে এতিয়া পূজাৰ ওখল মাখল পৰিৱেশ। পূজা সমিতি বিলাকেও জাক জকমতাৰে সজাই তুলিবলৈ চেষ্টা কৰিছে পূজাৰ মণ্ডপসমূহ। তেনে এক সময়তে মৰাণৰ এটা পূজা মণ্ডপে সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। সম্পূৰ্ণ প্ৰাকৃতিক ভাৱে সজাই তোলা হৈছে মণ্ডপটো।
মৰাণৰ ৰাধাকৃষ্ণ মন্দিৰত অনুষ্ঠিত কৰিবলৈ লোৱা এই পূজাখনৰ মণ্ডপটো মাটি চাকি, কলহ আদি প্ৰাকৃতিক সামগ্ৰীৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে। মুঠ ১০ লাখ টকা বাজেটেৰে অনুষ্ঠিত কৰিবলৈ লোৱা এই পূজাখনৰ আছে এক স্বকীয় বৈশিষ্ট্য।
উদযাপন সমিতিৰ বিষয় ববীয়াই ‘সংবাদ প্ৰহৰী’ক জানিবলৈ দিয়া মতে প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়েই সম্পূৰ্ণ প্ৰাকৃতিকভাৱে নিৰ্মাণ কৰা হৈছে পূজাৰ মণ্ডপটো। ৪৫ টা বছৰ অতিক্ৰম কৰা এই পূজাখনে বিগত বছৰ সমূহতো ব্যতিক্ৰমী মণ্ডপ সজাই বহুতো সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। সম্প্ৰতি সংবাদ মাধ্যমৰ চৰ্চাত থকা এই পূজা খনৰ উদযাপন সমিতিৰ এটাই আশা এইবাৰো যাতে পূজাখনে ৰাইজৰ সন্মান বুটলিবলৈ সক্ষম হয়।
No comments:
Post a Comment