এছ আই চৌধুৰীলৈ জার্মানীৰ বিশ্ববিদ্যালয়ৰ ডক্টৰেট - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 12, 2018

এছ আই চৌধুৰীলৈ জার্মানীৰ বিশ্ববিদ্যালয়ৰ ডক্টৰেট

গুৱাহাটী : অসমৰ বিশিষ্ট শিক্ষাবিদ তথা গুৱাহাটীৰ পৰা প্রকাশিত দৈনিক নিউজ ৩০ কাকতৰ সম্পাদক এছ আই চৌধুৰীলৈ জার্মানীৰ ইণ্টাৰনেচনেল পিচ ইউনিভার্চিটীয়ে আগবঢ়াইছে সন্মানীয় ডক্টৰেট উপাধি। ইণ্টাৰনেছনেল পিচ ইউনিভার্চিটীৰ পৰা ড° আৰ কে চমচনে চৌধুৰীলৈ প্ৰেৰণ কৰা এখন পত্ৰত এই কথা সদৰী কৰিছে। চৌধুৰীয়ে যােৱা ৬ অক্টোবৰত বাংগালুৰুত অনুষ্ঠিত বিশ্ববিদ্যালয়খনৰ দ্বাৰা আয়ােজিত এক আন্তঃৰাষ্ট্রীয় অনুষ্ঠানত এই উপাধি গ্রহণ কৰে।
উল্লেখযােগ্য যে চৌধুৰী গােৱালপাৰাৰ স্কেমিঅ’ স্কুল অৱ নাছিঙৰ সভাপতি। জার্মানীৰ ইণ্টাৰনেছনেল পিচ ইউনিভার্চিটীয়ে বিশ্বৰ বিভিন্ন প্রান্ত কিছু লােকক তেওঁলােকে নিজা নিজা ক্ষেত্ৰত আগবঢ়োৱা কর্মদক্ষতাৰ বাবে সন্মানীয় ডক্টৰেট উপাধি প্রদান কৰে। চৌধুৰীয়ে বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযােগ্য বৰঙণিৰ বাবে এই সন্মান আগবঢ়োৱা হৈছে।
চৌধুৰীয়ে ইতিমধ্যে দেশ-বিদেশৰ কেবাটাও সংগঠনৰ পৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। জার্মানীৰ ইণ্টাৰনেচনেল পিচ ইউনিভাৰ্চিটীৰ পৰা সন্মানীয় ডক্টৰেট লাভ কৰা চৌধুৰী হ’ল অসমৰ প্রথম আৰু একমাত্র ব্যক্তি।


SPONSORED