শৌচালয় চাফাই কৰ্মীৰ ৰূপত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 2, 2018

শৌচালয় চাফাই কৰ্মীৰ ৰূপত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী : মহামানৱ মহাত্মা গান্ধীৰ ১৫০ তম জন্ম দিন উপলক্ষে আজি দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ৰাজ্যিক ভাৱে পালন কৰা হয় গান্ধী জয়ন্তী৷ তদুপলক্ষে আজি গুৱাহাটী মহানগৰীৰ গান্ধীবস্থিত অৱস্থিত গান্ধী মণ্ডপত সমগ্ৰ দেশৰ ভিতৰতে সবাতোকৈ উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে৷
আজিৰ এই বিশেষ দিলটোত ৰাজ্যৰ স্বাস্থ্য তথা বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক দেখা গ’ল এক ব্যতিক্ৰমী ৰূপত৷ মন্ত্ৰী হিমন্ত বিশ্বই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত উপস্থিত হৈ ট্ৰমা ৱাৰ্ডৰ শৌচাগাৰ পৰিষ্কাৰ কৰি মহাত্মা গান্ধীৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ আদৰ্শক শ্ৰদ্ধা নিবেদন কৰে৷ লগতে দেশৰ প্ৰধান মন্ত্ৰীক এই ধৰণৰ মহান কামত উৎসা যোগোৱাৰ বাবে টুইটাৰ যোগে ধন্যবাদ জ্ঞাপন কৰে৷

No comments:

Post a Comment

SPONSORED