প্ৰসঙ্গ উপাচাৰ্য নিযুক্তি : ১২ দিনতো বড়োলেণ্ড বিশ্ববিদ্যালয়ত অব্যাহত প্ৰতিবাদ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, October 01, 2018

প্ৰসঙ্গ উপাচাৰ্য নিযুক্তি : ১২ দিনতো বড়োলেণ্ড বিশ্ববিদ্যালয়ত অব্যাহত প্ৰতিবাদ

কোকৰাঝাৰ : কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হেমন্ত বৰুৱাক আতৰাই এক্টিং উপাচাৰ্য নিযুক্তি কৰাৰ দাবীৰে যোৱা ২০ চেপ্টেম্বৰৰ পৰাই আৰম্ভ কৰি আজিলৈ ১২ দিন ধৰি অনিৰ্দিষ্টকালীন ধৰ্মঘট অব্যাহত আছে।
কোকৰাঝাৰ জিলা বডোলেণ্ড ছাত্র সন্থা (বি এছ ইউ)ৰ উদ্যোগত অব্যাহত ৰখা প্ৰতিবাদৰ একাদশ দিনা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে আলোচনা কৰিবলৈ জনালে বি এছ ইউক। সেই আমন্ত্ৰন মৰ্মে গুৱাহাটীলৈ ৰাওনা হৈছে বি এছ ইওউ প্ৰতিনিধি দলে।
সোমবাৰে সন্ধিয়া মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হব বি এছ ইউৰ প্ৰতিনিধি দলে। কিন্তু আলোচনাৰ বাবে আমন্ত্ৰণ পোৱা পিছতো প্ৰত্যাহাৰ কৰা নাই প্ৰতিবাদ। আজি ১২ দিনতো চলিছে বডোলেণ্ড বিশ্ববিদ্যালয়ত অনিৰ্দিষ্টকালীন ধৰ্মঘট।
প্ৰতিবাদস্থলীৰ পৰাই কোকৰাঝাৰ জিলা বি এছ ইওৰ সাধাৰণ সম্পাদক ৰিংখাং ব্ৰহ্মই কয়— সন্ধিয়াত হবলগীয়া বি এছ ইউ আৰু মুখ্যমন্ত্ৰী সৈতে কৰা আলোচনাৰ ফলাফল ভাল হব বুলি আশাবাদী। আমাৰ দাবী অৰ্থাৎ ১৭ ছেপ্টেম্বৰত কাৰ্য্যকাল শেষ হোৱা উপাচাৰ্য ডঃ হেমন্ত বৰুৱাক আতৰাই তেওঁৰ পদত এক্টিং উপাচাৰ্য নিযুক্তি কৰাৰ ব্যৱস্থা উক্ত আলোচনাৰ জৰিয়তে ফলাফল পাবই লাগিব অন্যথা অনিৰ্দিষ্টকালীন ধৰ্মঘট অব্যাহত ৰখা হব বুলি মুখ্যমন্ত্ৰীলৈ সকীয়নী প্ৰদান কৰে।
ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰা ফলত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ শিক্ষাদান, নবাগত সভা, বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক দিশ আদি সম্পূৰ্ণৰূপে বন্ধ তথা অচলাৱস্তা হৈ থাকিল৷ আজি সন্ধিয়াত মুখ্যমন্ত্ৰী সৈতে বি এছ ইউৰ আলোচনাই কেনেকুৱা ফল লৈ উলিয়াই সেয়া হব লক্ষ্যনীয়।

No comments:

Post a Comment

SPONSORED