কোনে পাব কংগ্রেছৰ প্রার্থীত্ব ? সুন্দৰীদিয়া জিলা পৰিষদত প্রার্থী বাছনিক লৈ ব্যাপক জল্পনা-কল্পনা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 12, 2018

কোনে পাব কংগ্রেছৰ প্রার্থীত্ব ? সুন্দৰীদিয়া জিলা পৰিষদত প্রার্থী বাছনিক লৈ ব্যাপক জল্পনা-কল্পনা


গুৱাহাটী : ৰাজ্যত পঞ্চায়ত নির্বাচনৰ দিন ঘােষণা হােৱাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলৰ মাজতে ব্যাপক তৎপৰতা অব্যাহত দেখা গৈছে। আন আন ৰাজনৈতিক দলসমূহৰ সমান্তৰলাকৈ প্রধান বিৰােধী দল তথা একেৰাহে তিনিবাৰকৈ চৰকাৰৰ গাদী দখল কৰা কংগ্ৰেছ দলেও আগন্তুক পঞ্চায়ত নির্বাচনৰ বাবে ব্যাপক প্রস্তুতি চলাইছে। পঞ্চায়ত নির্বাচনক কেন্দ্ৰ কৰিয়েই ৰাজ্যখনৰ ভিন্ন প্রান্তত দলটোৰ পৰা প্রার্থীত্ব প্রদান কৰাক লৈ চলিছে ব্যাপক খােৱা-কামােৰা।
অভিযােগ অনুসৰি কিছুমান ঠাইত অযােগ্য, দলৰ বাহিৰৰ প্রার্থীক প্রার্থীত্ব প্রদান কৰাৰ বাবে চলােৱা যাে-জাক লৈয়াে দলটোৰ মাজতে মতানৈক্যৰ সৃষ্টি হােৱা আৰম্ভ হৈছে। ৰাজ্যখনৰ আন আন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ সুন্দৰীদিয়া জিলা পৰিষদৰ সমষ্টিটোত এনে ঘটনা হােৱাৰ আশংকা কৰা হৈছে। চাৰিটা গাঁও পঞ্চায়তেৰে গঠিত সুন্দৰীদিয়া জিলা পৰিষদত কংগ্ৰেছ দলটোৱে কাক প্রার্থীত্ব প্রদান কৰিব তাকে লৈ ব্যাপক জল্পনা-কল্পনা চলিছে। কিয়নাে আমাৰ হাতত পৰা তথ্য অনুসৰি সংখ্যালঘু অধ্যুষিত এই জিলা পৰিষদৰ সমষ্টিটোত কংগ্ৰেছ দলে সংখ্যাগুৰু লােকক প্রার্থীত্ব প্রদান কৰিব পাৰে বুলি জানিব পৰা গৈছে। যদিহে সংখ্যালঘু লােকৰ বিপৰীতে প্রার্থীত্ব প্রদান কৰে তেন্তে পূর্বৰ দৰে এইবাৰাে সমষ্টিটোত কংগ্ৰেছ দলে নিশ্চিত পৰাজয়ৰ সন্মুখীন হ'ব।
সংখ্যালঘু অধ্যুষিত অঞ্চল বুলিয়েই ইতিমধ্যে অগপ, বিজেপি আদি দলসমূহে সমষ্টিটোত সংখ্যালঘু লােককেই প্রার্থীত্ব প্রদান কৰাৰ সম্ভৱনা আছে। তেনে ক্ষেত্ৰত কংগ্ৰেছ দলটোৱে সংখ্যালঘু লােকক প্রার্থীত্ব প্রদান কৰিলে দলটোৱে অগপ, বিজেপি বা এআইইউডিএফ দলক প্রত্যক্ষভাৱে সহযােগ কৰাহেবুজাব। কিয়নাে সংখ্যালঘু লােকৰ বাহিৰে সমষ্টিটোত আন লােকৰ মাজত কংগ্ৰেছ দলৰ প্ৰভাৱ শূন্য বুলিয়েই উল্লেখ কৰিব পাৰি।
তাৰােপৰি পূৰ্বতে এইআইইউডিএফৰ কিছু প্রভাৱ থকা সমষ্টিটোত এআইইউডিএফ দলৰ প্রতি মােহভংগ হৈ সমষ্টিটোৰ সংখ্যালঘু লােকসকলে পুনৰ কংগ্ৰেছ দলক আকোঁৱালি লােৱা পৰিলক্ষিত হৈছে। সেয়ে সমষ্টিটোত সংখ্যালঘু লােকক আৰু সেয়াও সমষ্টিটোৰ অন্তৰ্গত বাঁহমূৰা গাঁও পঞ্চায়তৰ পৰা কোনােবা কংগ্রেছী কৰ্মীক প্রার্থীত্ব প্রদান কৰিলে দলটোৰ জয়ী নিশ্চিত। কিয়নাে সংখ্যালঘু অধ্যুষিত সমষ্টিটোৰ চাৰিটা গাঁও পঞ্চায়তৰ ভিতৰত বাঁহমূৰা গাঁও পঞ্চায়তত ভােটাৰ আৰু সংখ্যালঘু লােকৰ সংখ্যাও অধিক হােৱা বাবেই সুন্দৰীদিয়া জিলা পৰিষদত জয়ী হােৱাৰ ক্ষেত্ৰত পূর্বৰ ৰাজনৈতিক সমীকৰণ অনুসৰি পঞ্চায়তখনেই সর্বাধিক গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে।
সেয়ে এইবাৰ সমষ্টিটোৰ ভােটাৰ আৰু কংগ্ৰেছৰ তৃণমূল পর্যায়ৰ কৰ্মীসকলে বাঁহমূৰা গাঁও পঞ্চায়তৰ যিকোনাে কংগ্ৰেছী কর্মীক দলটোৰ পৰা প্রার্থীত্ব প্রদান কৰিবলৈ দলটোৰ উর্ধতন মহলক দাবী জনাইছে। জানিব পৰা মতে ইতিমধ্যে বাঁহমূৰা মণ্ডল কংগ্ৰেছ কমিটীয়ে লােৱা সিদ্ধান্ত অনুসৰি যদিহে এইবাৰৰ নিৰ্বাচনত দলটোৱে বাঁহমূৰা গাঁও পঞ্চায়তৰ পৰা কংগ্ৰেছী কর্মীক প্রার্থীত্ব প্রদান সুন্দৰীদিয়া জিলা পৰিষদৰ প্রার্থীত্ব প্রদান নকৰে তেন্তে কংগ্ৰেছৰ বিকল্প হিচাপে প্রার্থীত্ব অৱতীৰ্ণ কৰাৰ পূর্ণ সম্ভাৱনা আছে।

SPONSORED