গুৱাহাটী : ৰাজ্যত পঞ্চায়ত নির্বাচনৰ দিন ঘােষণা হােৱাৰ লগে লগে নৱগঠিত ৰাষ্ট্ৰীয় ৰাজনৈতিক দল ৰাষ্ট্ৰীয় ৰিপাব্লিকান কংগ্রেছ (এন আৰ চি)য়ে ব্যাপক নির্বাচনী তৎপৰতা অব্যাহত ৰাখিছে। আজি দিছপুৰস্থিত কেন্দ্রীয় কার্যালয়ত আগন্তুক পঞ্চায়ত নির্বাচন প্রস্তুতি সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। আজিৰ সভাত দলৰ ৰাষ্ট্ৰীয় সভাপতি গােলাপ মজুমদাৰৰ নেতৃত্বত এখন সর্বোচ্চ ক্ষমতা সম্পন্ন নীতি নির্ধাৰণ সমিতি গঠন কৰা হয়। বৈঠকৰ সিদ্ধান্তমর্মে আগন্তুক নির্বাচনত পঞ্চায়ত সদস্য-সদস্যা, সভাপতি, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ দলীয় প্রার্থীত্বৰ তালিকা শীঘ্ৰে ঘােষণা কৰা হব।
দলৰ ৰাষ্ট্রীয় সভাপতি মজুমদাৰে লগতে কয় যে জাতিৰ পিতা মহাত্মা গান্ধীৰ সপােনৰ গ্ৰাম্য স্বৰাজৰ আদৰ্শৰে অনুপ্রাণিত হৈ দেশত পঞ্চায়তীৰাজ প্রতিষ্ঠা কৰাইদলৰ অন্যতম লক্ষ্য। সমাগত নির্বাচনত দুর্নীতি-ভ্রষ্টাচাৰ, সাম্প্রদায়িকতা আৰু স্বজন-তােষণৰ বিৰুদ্ধে গাঁৱৰ চহৰাইজৰ উন্নয়নৰ সপক্ষেৰায় দিবলৈ ৰাজ্যবাসীক আহ্বান জনায়। লগতে সমাজত বিষবাষ্প বিয়পােৱা সাম্প্রদায়িক দলসমূহক উৎক্ষাত কৰাৰ বাবে দলে সিদ্ধান্ত গ্রহণ কৰে।