কবি আছফিয়া আহমেদৰ কাব্য সংকলন ‘নীলাভ সময়ৰ এখন্তেক’ উন্মােচন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Sunday, November 11, 2018

কবি আছফিয়া আহমেদৰ কাব্য সংকলন ‘নীলাভ সময়ৰ এখন্তেক’ উন্মােচন


কবিতা হৈছে সুস্থ সমাজৰ বাতাবৰণ কঢ়িওৱা ফচল : সমীৰ তাঁতী
গুৱাহাটী : কবিতা হৈছে সুস্থ সমাজৰ বাতাবৰণ কঢ়িওৱা ফচল। কবিতাই জীৱনৰ কথা কয়, সম্প্রীতিৰ কথা কয়। কবিতাইভাতৃত্ববােধ-এনাজৰীৰ কথা কয়। কবিতাই কেতিয়াও সংঘাত নিবিচাৰে। কবিতা হৈছে অতি প্রাচীন শিল্প। ভাৱৰ বুৰবুৰণিত সৃষ্টি হােৱা কবিতাই সদায় সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰত এই শিল্পই সদায় ইতিবাচক দিশতহে কাম কৰে—এই মন্তব্য বিশিষ্ট কবি সমীৰ তাঁতীৰ।


আজি দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত হােৱা কবি আছফিয়া আহমেদৰ কাব্য সংকলন নীলাভ সময়ৰ এখন্তেক’উন্মােচনী অনুষ্ঠানত উন্মােচক হিচাপে উপস্থিত থাকি কবিতা সম্পর্কে বিশিষ্ট কবিগৰাকীয়ে এনেদৰেই বিস্তৃত বিশ্লেষণ আগবঢ়ায়। নিজৰ উন্মােচনী ভাষণত কবি তাঁতীয়ে কবি আছফিয়া আহমেদৰ ৰচিত কবিতাসমূহৰ ভূয়সী প্রশংসা কৰাৰ লগতে ভৱিষ্যতে অসমীয়া সাহিত্য জগতত এনে কবিতাই এক নতুন মাত্রা প্রদান কৰিব বুলিও আশা প্রকাশ কৰে।


উল্লেখ্য যে হাতীগাঁও হাইস্কুলৰ ইংৰাজী বিষয়ৰ শিক্ষয়িত্রী আছফিয়া আহমেদৰ ৰচিত মুঠ ৫০ টি কবিতাৰ সমাহাৰেৰে ‘ছেভ পাব্লিচাৰ্ছৰ হৈ ছৈয়দ বুলবুল জামানুৰ হকে প্রকাশ কৰি উলিওৱা নীলাভ সময়ৰ এখন্তেক’ শীর্ষক কাব্য সংকলনখনি উন্মােচনী কৰা উপলক্ষে আজি দিনৰ ২ বজাত দিছপুৰ প্ৰেছ ক্লাবত এক গ্রন্থ উন্মােচনী অনুষ্ঠানৰ আয়ােজন কৰা হয়।


উক্ত উন্মােচন অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় সাহিত্য-সাংস্কৃতিক গােষ্ঠী ‘কিঞ্চিতৰ মুখ্য সম্পাদক মানিক লাল ভৌমিকেও আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকি কবি আৰু কবিতা সম্পর্কে ভাষণ প্রদান কৰে। ইয়াৰােপৰি অনুষ্ঠানটিত কাব্য সংলনটিৰ সন্দৰ্ভত দু-আষাৰ লিখা কবি অতুল তামুলী, কবি আছফিয়া আহমেদৰ লগতে তেওঁৰ পিতৃ তথা শিক্ষা বিভাগৰ প্রাক্তন যুটীয়া সঞ্চলক আব্দুল বাৰেক আহমেদেও নিজ নিজ মন্তব্য আগবঢ়ায়।


সমাহাৰ আলােচনীৰ কাৰ্যবাহী সম্পাদক হানিফ আলী আহমেদ আৰু উপ-সম্পাদক কৰৱী বৰশইকীয়া, হাতীগাঁও হাইস্কুলৰ শিক্ষয়িত্রী মৌচুমী দাসে আঁত ধৰা এই অনুষ্ঠিানটিত আৰক্ষী বিষয়া জাকিৰ হুছেইন আৰু কবি ৰুকীয়া বেগমে নিজৰ স্বৰচিত কাব্য সংকলনৰ পৰা এটিকৈ কবিতা আবৃত্তি কৰি অনুষ্ঠানটি জীপাল কৰি তােলে। প্রকাশন গােষ্ঠীৰ হৈ সাংবাদিক শাকিল আহমেদে শলাগৰ শৰাই আগবঢ়োৱা এই অনুষ্ঠানটিত ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিকে ধৰি অর্ধশতাধিক লােকে উপস্থিত থাকে।

SPONSORED