দায়িত্ব নল’লেও ধলাৰ হত্যাকাণ্ডত আলফা জড়িত : কুল শইকীয়া - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 27, 2018

দায়িত্ব নল’লেও ধলাৰ হত্যাকাণ্ডত আলফা জড়িত : কুল শইকীয়া


গুৱাহাটী : ধলাৰ হত্যাকাণ্ডৰ দায়িত্ব আলফাই স্বীকাৰ নকৰিলেও এই হত্যাকাণ্ড আলফাৰ দ্বাৰা সংঘটিত কৰা হৈছে৷ তাত কোনো সন্দেহ নাই৷ তদন্তত যথেষ্ট প্রমাণ পোৱা গৈছে৷ এই মন্তব্য কৰিছে আৰক্ষীৰ সঞ্চালকপ্রধান কুলধৰ শইকীয়াই৷ আজি তিনিচুকীয়া জিলাৰ আইন- শৃংখলাজনিত পৰিস্থিতিৰ বুজ ল’বলৈ অহা সঞ্চালকপ্রধানে তিনিচুকীয়াৰ আৰক্ষী অতিথিশালাত এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়৷

বৈঠকত সঞ্চালকপ্রধানগৰাকীৰ লগতে আৰক্ষী মহাপৰিদর্শক (বিশেষ শাখা) হীৰেন নাথ, আৰক্ষী অধীক্ষকৰ লগতে জিলাখনৰ প্রতিখন আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়াসকলৰ উপৰি সেনাৰ কেইবাগৰাকী বিষয়াও উপস্থিত আছিল৷ সাংবাদিকৰে হোৱা বার্তালাপত আৰক্ষী সঞ্চালকপ্রধানগৰাকীয়ে উল্লেখ কৰে যে আৰক্ষী বিভাগত প্রয়োজন অনুসৰি আৰক্ষীৰ সংখ্যা বহু কম৷

যাৰ বাবে বহু ক্ষেত্রত আৰক্ষীৰ বহু সমস্যাৰ সৃষ্টি হয়৷ তেওঁ তিনিচুকীয়া জিলাখনত সংঘটিত হৈ থকা উগ্রপন্থীৰ কূটাঘাতমূলক কাম-কাজ প্রতিৰোধৰ বাবে ব্যৱস্থা হাতত লোৱা বুলি উল্লেখ কৰিছে৷ লগতে আলফালৈ যুৱক-যুৱতী যোৱাৰ কথাৰ সন্দর্ভত তেওঁ প্রতিখন থানাৰ অন্তর্গত গ্রামাঞ্চলত কোনো যুৱকৰ অন্তর্ধান হোৱাৰ খবৰ পালে তাক ভালকৈ পৰীক্ষা কৰিবলৈ নির্দেশ দিছে৷

আগন্তুক পঞ্চায়ত নির্বাচনত যাতে জিলাখনত ক’তো কোনো ধৰণৰ অপ্রীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলৈ তেওঁ জিলাখনৰ আৰক্ষীক নির্দেশ দিয়া বুলি উল্লেখ কৰিছে৷

SPONSORED