ডিচেম্বৰৰ ভিতৰতে হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী হ’ব : এই ভৱিষ্যদ্বাণী প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 27, 2018

ডিচেম্বৰৰ ভিতৰতে হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী হ’ব : এই ভৱিষ্যদ্বাণী প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ


গুৱাহাটী : ডিচেম্বৰৰ ভিতৰতে হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী হ’ব৷ এই ভৱিষ্যদ্বাণী প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ৷ সর্বানন্দ সোণোৱালক গাদীচ্যুত কৰি হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্রী হ’বলৈ পাং পাতিছে বুলি গগৈয়ে দাবী কৰিছে৷ আজি এখন সংবাদমেলযোগে তৰুণ গগৈয়ে কয়– দুই-চাৰিজন নেতাক হিমন্তই কৈ ফুৰিছে৷ মই শুনিছোঁ৷ কিছুদিন অপেক্ষা কৰিবলৈ তেওঁ ঘনিষ্ঠসকলক কৈছে৷

তেওঁ মুখ্যমন্ত্রী হ’বলৈ বিজেপিলৈ গৈছে৷ ৰাজ্যত সৃষ্টি হোৱা আইন- শৃংখলাজনিত পৰিস্থিতি আৰু ৰাজনৈতিক পৰিস্থিতিৰ আঁৰত হিমন্ত বিশ্ব শর্মাৰ হাত আছে বুলিও গগৈয়ে দাবী কৰে৷ আলফা সন্দর্ভত হিমন্ত বিশ্ব শর্মাই বিগত কেইদিনত কৰা মন্তব্যৰ আঁৰত ৰাজনৈতিক কু-অভিসন্ধি লুকাই থকা সন্দেহ কৰিছে গগৈয়ে৷ মুখ্যমন্ত্রীৰ আসনত বহিবলৈ এক পৰিৱেশ সৃষ্টিৰ বাবে হিমন্তই চেষ্টা চলাই আছে বুলিও গগৈয়ে কয়৷

প্রাক্তন মুখ্যমন্ত্রীজনে সংবাদমেলত অসম গণ পৰিষদকো আক্রমণৰ লক্ষ্য কৰি লয়৷ অগপৰ সভাপতি অতুল বৰাক নিলাজ আখ্যা দি গগৈয়ে কয় যে বিজেপিয়ে ককর্থনা কৰাৰ পাছতো মিত্রতা অটুট ৰখাটোৱে অগপ নেতৃত্বৰ ক্ষমতালোভী চৰিত্রকে উদঙাই দিছে৷ অগপৰ প্রতি মিত্রতাৰ প্রস্তাৱ আগবঢ়াই গগৈয়ে কয় যে বিজেপিৰ সৈতে সম্পর্ক ছেদ কৰিলে কংগ্রেছে দলটোক সমর্থন জনাব৷ অগপই বিকল্প চৰকাৰ গঠনৰ চেষ্টা কৰিলে কংগ্রেছে সহায় আগবঢ়াব বুলিও গগৈয়ে কয়৷

SPONSORED