কোকৰাঝাৰ চেৰফাংগুড়ীত চলন্ত মালবাহী ট্ৰাকত অগ্নি সংযোগ কৰি চালকক হত্যা আক্ৰাছু সমৰ্থকৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 22, 2018

কোকৰাঝাৰ চেৰফাংগুড়ীত চলন্ত মালবাহী ট্ৰাকত অগ্নি সংযোগ কৰি চালকক হত্যা আক্ৰাছু সমৰ্থকৰ


কোকৰাঝাৰ :  কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে এবছু, এন ডি এফ বি(পি) আৰু পি জে এ চি বি এমৰ প্ৰতিনিধি দলে দিল্লীত আলোচনাৰ মাজেদি বি টি চিক ইও টি চিলৈ উন্নতকৰনৰ প্ৰস্তাৱ লোৱা বুলি এই প্ৰস্তাৱৰ বিৰুদ্ধে আক্ৰাছু আৰু অবড়ো সুৰক্ষা সমিতিয়ে ঘোষণা কৰা ৪৮ ঘন্টীয়া অসম বন্ধৰ ফলত যোৱা নিশা কোকৰাঝাৰ জিলাৰ অন্তৰ্গত চেৰফাংগুড়ী আৰক্ষী থানাৰ পৰা এক কিলোমিটাৰ দুৰত্ব তথা আক্ৰাছুৰ আঞ্চলিক কাৰ্যালয়ৰ ওচৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত চাঞ্চল্যকৰ ঘটনা সংঘটিত কৰিলে বন্ধ সমৰ্থক সকলে । ইও পি ২৫ এ টি ৬৩৯০ নম্বৰৰ আটা কঢ়িওৱা মালবাহী ১৮ চকীয়া ট্ৰাকত পেট্ৰল বম্ব নিক্ষেপ কৰি চালকক অতি নিৰ্মমভাৱে হানি খুচি আক্ৰমণ কৰা ফলত ঘটনাস্থলিতে চালক ছাদ্দাম হুছেইনৰ(২৫) মৃত্যু হয় । তাৰোপৰি গাড়ীৰ তিনিজন ক্ৰমে মহম্মদ আজম(৩৩), নাজেম আলি(২৭), ছানু আলি(২২) য়ে গুৰুত্বৰ আহত হয়। আহত সকল বৰ্তমান কোকৰাঝাৰ আৰ এন বি হস্পিতালত চিকিৎসাধীন অৱস্থাত আছে। ঘটনাস্থলীত নিশা কোকৰাঝাৰ আৰক্ষীয়ে উপস্থিত হৈ ঘটনাৰ সংক্ৰান্তত বুজ লৈ তদন্ত অব্যাহত ৰাখি ইতিমধ্যে ঘটনাৰ জৰিত দহজনক গ্ৰেপ্তাৰ কৰি কোকৰাঝাৰ থানাত জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষী বিষয়াই অৱগত কৰিছে। গ্ৰেপ্তাৰ হোৱা আক্ৰাছুৰ সদস্যৰ মাজত আছে ক্ৰমে চেৰফাংগুড়ী আঞ্চলিক আক্ৰাছুৰ সভাপতি প্ৰহলাদ অধিকাৰী(২৯), মাধৱ ৰয়(২৬), পংকজ অধিকাৰী(১৯), খাছা ৰায়(৩২), শ্যামল ৰায়(৩২), বিমল ৰায়(৩২), চন্দি অধিকাৰী(৫০), নোনি ৰায়(৫৫) আৰু বিমল বৰ্মন (২৯) । উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে এবছু, এন ডি এফ বি(পি) আৰু পি জে এ চি বি এমৰ প্ৰতিনিধি দলে দিল্লীত আলোচনাৰ মাজেদি বি টি চিক ইও টি চিলৈ উন্নতকৰনৰ কোনো প্ৰস্তাৱ লোৱা হোৱা নাই বুলি ইতিমধ্যে এবছু, এন ডি এফ বি (পি) পৰা স্পষ্ট কৰি দিয়া স্বত্বেও ভিত্তিহীন ভাৱে আক্ৰাছুৱে ঘোষণা কৰা বন্ধৰ ফলত এই চাঞ্চল্যৰ ঘটনা সংঘটিত হবলৈ পালে । চেৰফাংগুড়ী নাৰাবাৰীস্থীত ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত উক্ত ঘটনা আক্ৰাছুৰ সদস্যৰ দ্বাৰাই সৃষ্টি হোৱা বুলি দাবী কৰি ঘটনাৰ জৰিত দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাই শান্তি সম্প্ৰিতি বজাই ৰাখিবলৈও দাবী জনাই স্থানীয় লোকে। আনহাতে বন্ধ সমৰ্থকৰ আক্ৰমণত প্ৰান হেৰুৱা মৃতকৰ পৰিয়াললৈ যথেষ্ট ক্ষতিপূৰণ দিবলৈ দাবী কৰিছে বাহনৰ স্বতাধিকাৰীয়ে। চেৰফাংগুড়ী থানাৰ ওচৰতেই সংঘটিত হোৱা উক্ত চাঞ্চল্যৰ ঘটনা সৃষ্টি হোৱাৰ ফলত চেপা উত্তেজনা বিৰাজ কৰিছে সমগ্ৰ কোকৰাঝাৰত।
আনহাতে কোকৰাঝাৰ চেৰফাংগুড়ীত সংঘটিত হোৱা ঘটনাক আমছুৰ তৰফৰ পৰা নিন্দা কৰাৰ লগতে তীব্ৰ গৰিহণা আৰু ধিক্কাৰ দিছে । এই চাঞ্চল্য ঘটনাৰ বাবে কোকৰাঝাৰ জিলা প্ৰশাসনক জগৰীয়া । কাৰন যোৱা কিছুদিন আগত আক্ৰাছুৰ বন্ধত কোকৰাঝাৰ চৰাইখোলাত টেম্প চালক সহ গাড়ীত দুৰ্বৃত্তই প্ৰেট্ৰল বোমাৰে আক্ৰমণ কৰিছিল ঠিক এই বেলিও আক্ৰাছুৰ ৪৮ ঘন্টীয়া অসমত বন্ধৰ নামত সুযোগ লৈ দুৰ্বৃত্তই যিটো ঘটনা সংঘটিত কৰিছে ইয়াৰ আৰত নিশ্চয় ৰাজনৈতিক ষড়যন্ত্ৰ জড়িত আছে। সেয়ে আমছুৰ তৰফৰ পৰা প্ৰশাসনক অতিশ্ৰীঘ্ৰে উক্ত ঘটনাৰ লগত জড়িত ব্যক্তিক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ লগতে মৃত্যু ব্যক্তিজনৰ পৰিয়ালক এককালীন দহ লাখ টকা আৰু আহত সকলোক উন্নত চিকিৎসাৰ বাবে পাঁচ লাখ আৰ্থিকভাৱে সাহাৰ্য্য আগবঢ়োৱাৰ বাবে অসম আৰু কেন্দ্ৰীয় চৰকাৰক দাবী জনোৱা লগতে এই বন্ধ ভিত্তিহীন বুলি ব্যক্ত কৰিছে আমছুৰ সাংগঠনিক সম্পাদক আনোৱাৰ হুছেইনে।
তেনেদৰেই কেন্দ্ৰীয় চৰকাৰে বিটিচিক ইউটিচিলৈ উন্নিতকৰণৰ বিৰোধিতাৰে আক্ৰাছু আৰু অবড়ো সুৰক্ষা সমিতিয়ে ১৯ আৰু ২০ নৱেম্বৰ তাৰিখে জনোৱা ৪৮ ঘন্টীয়া অসম বন্ধৰ গইনা লৈ যোৱা নিশা কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰীত দুস্কৃতিকাৰীয়ে এখন ট্ৰাকত অগ্নি সংযোগ কৰাত সেই ট্ৰাকখনত থকা উত্তৰ প্ৰদেশৰ ৰামপুৰৰ ৪জন ব্যক্তিৰ ভিতৰত ছাদ্দাম হুছেইন নামৰ ব্যক্তিজন থিতাতে নিহত হোৱা আৰু বাকী তিনিজন ক্ৰমে আজিম খান,নাজিম আলী আৰু ছানো আলী গুৰুতৰ ভাৱে আহত হোৱা ঘটনাক এবিএমছুৰ পৰা তীব্ৰ ভাষাৰে গঢ়িহণা দিছে আৰু দোষীক অতি সোনকালে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্থি বিহাৰ লগতে মৃত্যু হোৱা আৰু আহতৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিবলৈ জিলা প্ৰশাসন আৰু অসম চৰকাৰৰ ওচৰত দাবী জনাইছে৷ কোকৰাঝাৰ জিলা প্ৰশাসনৰ হেমাহিৰ বাবে এনে ঘটনা প্ৰায়ে সংঘটিত হ’ব পাৰিছে ৷ বন্ধৰ সময়ত জিলা প্ৰশাসনৰ ভূমিকাক তীব্ৰ ভাৱে ধিক্কাৰ জনাইছে কোকৰাঝাৰ জিলা এবিএমছুৰ কাৰ্য্যকৰী সভাপতি নজৰুল ইছলামে।

SPONSORED