মাননীয় সম্পাদক মহোদয়,
বৰ্তমান তথ্য প্ৰযুক্তিৰ যুগ। ম’বাইল, ইণ্টাৰনেট আদিৰ ব্যৱহাৰ দৈনিক বৃদ্ধি হোৱাৰ ফলত শিক্ষাৰ্থী সকলৰ শৈক্ষিক জীৱনৰ মূল্যবান সময় অবাবত নষ্ট হৈছে বুলি সঘনাই অভিযোগো উত্থাপন হৈছে। কিন্তু,অভিযোগৰ সলনি শিক্ষাৰ্থীসকলক শিক্ষানুষ্ঠান সমূহত ম’বাইল, ইণ্টাৰনেট আদিৰ সঠিক ব্যৱহাৰ তথা ইয়াৰ পৰা হ’ব পৰা ক্ষতিৰ বিষয়েও বিতংকৈ বুজাই দিব লাগে। এই ক্ষেত্রত শিক্ষানুষ্ঠানসমূহক স্বেচ্ছাসেৱী,বেচৰকাৰী অনুষ্ঠানসমূহে সহযোগ কৰিব পাৰে। ইয়াৰোপৰি,সমাজৰ আন কিছুসংখ্যক লোকে ম’বাইল, ইণ্টাৰনেট অপপ্ৰয়োগ কৰি সমাজত অসুস্থ বাতাবৰণৰ সৃষ্টি কৰিছে । পুলিচ বিভাগে বৰ্তমান সেইসকল ব্যক্তিৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিছে যদিও নাগৰিক সকলেও তেনে ব্যক্তিৰ সম্পৰ্কে অৱগত কৰাৰ দায়িত্ব গ্ৰহণ কৰিলেহে আমি এখন সুস্থ সমাজৰ আশা কৰিব পাৰো।
ড° বুলজিৎ বুঢ়াগোহাঁই
অধ্যক্ষ,
জি.আই.এম.টি. , তেজপুৰ
পিন -৭৮৪৫০১,অসম।
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com