পানেৰীত হাতী-মানুহৰ সংঘাত ৰোধৰ দাবীত ৰাইজৰ ধৰ্ণা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, November 21, 2018

পানেৰীত হাতী-মানুহৰ সংঘাত ৰোধৰ দাবীত ৰাইজৰ ধৰ্ণা


ওদালগুৰি : ওদালগুৰি জিলাত অব্যাহত থকা হাতী-মানুহৰ সংঘাতে জিলাখনৰ ভয়াবহ ৰূপ ধাৰণ কৰাৰ পাছতো অসম চৰকাৰ তথা বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিবাদত আজি জিলাখনৰ পানেৰী থানাৰ সমুখত ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ চলিত বৰ্ষত ওদালগুৰি জিলাত হাতী-মানুহৰ সংঘাতত ১৬জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৬টা বনৰীয়া হাতীৰ মৃত্যু ঘটাৰ পাছত যোৱা নিশা পুনৰ পানেৰী থানাৰ অন্তৰ্গত ভূটিয়াচাং চাহ বাগিছাৰ ১৩নং লাইনত বেঞ্জামিন মিঞ্জ নামৰ এজন যুৱ কৃষকৰ হাতীৰ আক্ৰমণত মৃত্যু হোৱাত ৰাইজ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে৷
আজি কেইবা শতাধিক পুৰুষ-মহিলাই হাতে-হাতে বেনাৰ, প্লেকাৰ্ড লৈ ওদালগুৰি জিলাত হাতী-মানুহ সংঘাত ৰোধৰ ব্যৱস্থা গ্ৰহণৰ দাবীত বিভিন্ন শ্ল’গানেৰে পানেৰী থানাৰ সমুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বিগত এসপ্তাহত কেৱল পানেৰী এলেকাতে আঠজন লোকৰ হাতী আক্ৰমণত মৃত্যু হোৱাত ৰাইজ অতিষ্ঠ হৈ উঠিছে যদিও বন বিভাগৰ হাতত চাৰিচকীয়া বাহনকে ধৰি পৰ্যাপ্ত সা-সুবিধা নথকাত বিভাগৰ লোকসকল হাতী-মানুহৰ সংঘাত দেখিও ঢাল-তৰোৱালবিহীন নিধিৰাম চৰ্দাৰত পৰিণত হৈছে ৷ প্ৰতিবাদী ৰাইজে বনমন্ত্ৰীক ওদালগুৰি জিলাৰ হাতী-মানুহ সংঘাত ৰোধৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে ৷ প্ৰতি নিশাই হাতীৰ উপদ্ৰৱত উজাগৰে কটাই অতিষ্ঠ হৈ পৰা ৰাইজে অতি শীঘ্ৰে হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে দাবী জনাই উপায়ুক্তলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে৷


SPONSORED