গুৱাহাটীত বিশাল প্রতিবাদ নেছ’ৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, November 21, 2018

গুৱাহাটীত বিশাল প্রতিবাদ নেছ’ৰ


গুৱাহাটী : উত্তৰ-পূর্বাঞ্চলৰ খিলঞ্জীয়াৰ পৰিচয় আৰু অস্তিত্ব ৰক্ষাৰ বাবে কেন্দ্রই জাপি দিবলৈ বিচৰা নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰাৰ দাবীত আজি গুৱাহাটী কঁপালে উত্তৰ- পূর্বাঞ্চল ছাত্র সংগঠন চমুকৈ নেছ’ই৷ মহানগৰীৰ গুৱাহাটী ক্লাব এলেকাত বিশাল প্রতিবাদেৰে নেছ’ই কেন্দ্রীয় চৰকাৰক এই কলা আইনখন বাতিল নকৰিলে ঐক্যবদ্ধ উত্তৰ-পূবৰ শক্তি দেখুৱাই দিয়াৰ সকীয়নি দিয়ে৷

অসমৰ লগতে সমগ্র ৰাজ্যকেইখনতে নেছ’ই প্রতিবাদ কৰাৰ কথাও ঘোষণা কৰে৷ উত্তৰ-পূর্বাঞ্চলৰ পৰিৱেশ অস্থিৰ নকৰিবৰ বাবেও সকীয়াই দি নেছ’ই ইয়াৰ পৰিণাম ভয়াৱহ হ’ব বুলি স্পষ্ট কৰে৷ নেছ’ৰ অন্তর্গত উত্তৰ-পূবৰ সকলো ৰাজ্যৰ ৮টা ছাত্র সংগঠন আজি গুৱাহাটী ক্লাব এলেকাত একত্রিত হৈ ৰাজপথ অৱৰোধ কৰি প্রতিবাদ সাব্যস্ত কৰে৷ জাতিধবংসী নাগৰিকত্ব আইন সংশোধনী বিধেয়কখন গৃহীত হ’লে উত্তৰ-পূবত সামাজিক সমস্যাৰ সৃষ্টি হ’ব বুলি সদৰী কৰি নেছ’ৰ প্রধান সম্পাদক শ্রীনাম প্রকাশে কয় যে কোনো মূল্যৰ বিনিময়ত এই বিধেয়কখন মানি লোৱা নহ’ব৷

বিধেয়কখন গৃহীত হ’লে কেন্দ্রীয় চৰকাৰক উত্তৰ-পূর্বাঞ্চলৰ ঐক্যবদ্ধ শক্তি প্রদর্শন কৰাৰ সকীয়নিও দিয়ে নেছ’ৰ প্রধান সম্পাদকজনে৷ তেওঁ কয় যে বিধেয়কখন বাতিল কৰিবলৈ প্রথমৰে পৰা কেন্দ্রক অনুৰোধ কৰি অহা হৈছিল৷ কিন্তু কেন্দ্রই তেওঁলোকৰ দাবীক গুৰুত্বই নিদিলে৷ এয়া কেৱল অসমৰ সমস্যা নহয়, সমগ্র উত্তৰ-পূর্বাঞ্চলৰ সমস্যা বুলি সদৰী কৰি তেওঁ উত্তৰ-পূব বিদেশীৰ চৰণীয়া পথাৰ নহয় বুলি স্পষ্ট কৰে৷

আনকি বিদেশীৰ আগ্রাসনৰ বাবেই ত্রিপুৰাই নিজৰ পৰিচয় হেৰুৱাবলগীয়া হোৱাৰ কথাও সদৰী কৰি বিধেয়কখন বাতিল নহ’লে বাকী ৰাজ্যকেইখনৰো একে অৱস্থা হোৱাৰ আশংকা প্রকাশ কৰে৷ নেছ’ৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্যই উত্তৰ-পূবৰ পৰিৱেশ অস্থিৰ নকৰিবলৈ কেন্দ্রক সকীয়াই দিয়ে৷ কেন্দ্রই উত্তৰ-পূবৰ পৰিৱেশ শান্ত হোৱাটো নিবিচাৰে বুলি অভিযোগ কৰি কয় যে এই অঞ্চলৰ পৰিৱেশ অস্থিৰ হৈ থকাটো বিচাৰে বাবেই কেন্দ্রই এইবাৰ বিধেয়কখন জাপি দিবলৈ চেষ্টা কৰিছে৷ লগতে সমগ্র উত্তৰ-পূবক অবৈধ বাংলাদেশীৰ চৰণীয়া পথাৰ কৰিবলৈ বিচাৰিছে৷ এয়া কেতিয়াও মানি লোৱা নহ’ব বুলিও স্পষ্ট কৰি তেওঁ নেছ’ৰ আন্দোলন অব্যাহত থাকিব বুলি ঘোষণা কৰে৷ তেওঁ সমগ্র উত্তৰ-পূব ঐক্যবদ্ধ হোৱা বুলিও কেন্দ্রক সকীয়াই দিয়ে৷ যুটীয়া সংসদীয় সমিতিয়ে উত্তৰ-পূবৰ সকলো খিলঞ্জীয়াৰ মত গ্রহণ নকৰাকৈ আজি প্রতিবেদন দাখিল কৰিবলৈ লোৱা কার্যৰ তীব্র বিৰোধিতা কৰি তেওঁ কয় যে এইখন অসম্পূর্ণ প্রতিবেদন৷

অসমখনো দ্বিতীয় ত্রিপুৰা হ’বলৈ গৈ থকা বুলি সদৰী কৰি তেওঁ কয় যে মেঘালয় চৰকাৰে লোৱাৰ দৰে উত্তৰ-পূবৰ বাকী ৰাজ্যকেইখনৰ চৰকাৰেও কঠোৰ স্থিতি লোৱা উচিত৷ কেন্দ্রই উত্তৰ-পূবক সমদৃষ্টি নিদিয়াৰ অভিযোগ কৰি তেওঁ কয় যে কেন্দ্রই কলকাতাৰ পাছত দেশৰ এক অংগ থকা বুলি গণ্যই নকৰে৷ সেয়ে উত্তৰ-পূবক অশান্ত কৰি ৰখাৰ চেষ্টা কৰি থাকে৷ ইফালে নাগৰিকত্ব সংশোধনী বিধেয়কৰপৰা বাংলাদেশক বাতিল কৰিলেই নহ’ব বুলিও প্রকাশ কৰি ড০ ভট্টাচার্যই পূর্বৰ অধ্যাদেশকেইখনো বাতিল কৰিলেহে উত্তৰ-পূবৰ খিলঞ্জীয়াৰ স্বার্থ ৰক্ষা হ’ব বুলি কয়৷ সকলো বাতিল নোহোৱা পর্যন্ত আন্দোলনো ক্ষান্ত নহয় বুলি স্পষ্ট কৰি আন্দোলনৰ পৰিসৰ সমগ্র উত্তৰ-পূবলৈ বিয়পাই দিয়াৰ ঘোষণা কৰে৷

নেছ’ৰ উপ-সভাপতি উপেন্দ্র দেৱ বার্মাই কয় যে কেন্দ্রৰ ভুল নীতিৰ বাবেই ত্রিপুৰাত এতিয়া খিলঞ্জীয়া সংখ্যালঘুত পৰিণত হ’ল৷ লগতে ৰাজনৈতিক আৰু অর্থনৈতিক অধিকাৰ খিলঞ্জীয়াৰ হাতৰ পৰা ওলাই গ’ল৷ আনকি তাৰ খিলঞ্জীয়াই এতিয়া ভাষা আৰু বস্ত্রৰ বাবেও অনুমতি ল’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ল৷ ত্রিপুৰাৰ মুখ্যমন্ত্রীও বাংলাদেশী৷ সেয়ে অনুপ্রৱেশকাৰীক ৰক্ষণাবেক্ষণ দিয়াতহে চৰকাৰখন অধিক আগ্রহী৷ অৰুণাচল ছাত্র সন্থাৰ সাধাৰণ সম্পাদক পৱন দাই কয় যে জাতি-মাটি-সংস্কৃতি ৰক্ষাৰ বাবে এই সংগ্রাম চলিছে৷ যি ধর্মৰেই নহওক, অবৈধ নাগৰিক মানে অবৈধই৷ বিধেয়ক বাতিল নোহোৱা পর্যন্ত সংগ্রাম অব্যাহত থাকিব বুলিও তেওঁ স্পষ্ট কৰে৷ গাৰো ছাত্র সন্থাৰ সাধাৰণ সম্পাদক এম আৰ টামছাকে উত্তৰ-পূর্বাঞ্চলত অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰিবলৈ সকীয়াই দি তেওঁলোকেও পৰিস্থিতি অস্থিৰ কৰিব জানে বুলি কয়৷ উত্তৰ-পূব খিলঞ্জীয়াৰ বুলিও তেওঁ স্পষ্ট কৰে৷ খাছি ছাত্র সন্থাই এই ভূমিখণ্ড পূর্বপুৰুষসকলে দি যোৱা বুলি প্রকাশ কৰি বহু ৰক্তক্ষয়ৰ পাছত লাভ কৰা অধিকাৰ খর্ব কৰিবৰ বাবে বলপূর্বক বিধেয়কখন জাপি দিবলৈ চেষ্টা কৰিলে মৃতদেহৰ ওপৰেৰে যাব লাগিব বুলি কয়৷ নগা ছাত্র সন্থাৰ নেতৃবর্গই কয় যে গৃহস্থৰ অনিচছাত চৰকাৰে আলহী আনিব বিচাৰিছে৷

বাংলাদেশীক আনিবলৈ হ’লে প্রথমে বাংলাদেশক আমাৰ সৈতে চামিল কৰক বুলি কয়৷ মণিপুৰ ছাত্র সন্থাৰ নেতা পিটাৰ লাইমছে কয় যে এই ত্যাগ আৰু আন্দোলন ভৱিষ্যৎ প্রজন্মৰ বাবে৷ চৰকাৰে বিদেশীৰ ৰক্ষণাবেক্ষণতকৈ খিলঞ্জীয়াক সুৰক্ষা দিয়া উচিত বুলিও তেওঁ কয়৷ ত্রিপুৰা ছাত্র ফেডাৰেশ্যনৰ নেতা সুনীল দেৱবার্মাই কয় যে ত্রিপুৰাত খিলঞ্জীয়াই দ্বিতীয় শ্রেণীৰ নাগৰিকৰ লাঞ্ছনা ভুগি আছে৷ ভোটবেংকৰ ৰাজনীতিৰ বিৰুদ্ধে যুঁজ দি যাব বুলিও তেওঁ কয়৷ আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে বিধেয়কখন কোনো কাৰণতে মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি ’৭১ চনৰ পাছত অহা কোনো বিদেশীক গ্রহণ কৰা নহ’ব বুলি কয়৷ অসম আন্দোলনত অসমে বহু ত্যাগ কৰা বুলি সদৰী কৰি তাক কেন্দ্রই দুর্বলতা বুলি ভাবি নল’ব বুলি সকীয়াই দিয়ে৷ খিলঞ্জীয়াৰ সৈতে ৰাজনীতি নকৰিবলৈ কেন্দ্রক সকীয়াই তেওঁ ভোটবেংকৰ ৰাজনীতি নকৰিবলৈও কয়৷ উত্তৰ-পূবৰ প্রতিটো খিলঞ্জীয়া জনগোষ্ঠীৰ পৰিচয় আৰু সংস্কৃতি ৰক্ষা হ’বই লাগিব বুলিও তেওঁ কয়৷

SPONSORED