তিনিচুকীয়া : আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাৰ পুত্র মুন্না বৰুৱা আলফালৈ যোৱাটো তিনিচুকীয়াৰ আৰক্ষীয়ে নিশ্চিত কৰাৰ পাছতে আজি তেওঁৰ মাতৃ কল্পনা বৰুৱা গুৰুতৰভাৱে অসুস্থ হৈ পৰে৷
পুত্র মুন্নাই হঠাতে এনে সিদ্ধান্ত লোৱাত তেওঁৰ চিন্তাত মাতৃ ঘৰতে অসুস্থ হৈ পৰাত সন্ধিয়া তিনিচুকীয়াৰ এখনব্যক্তিগত চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷ বর্তমান কল্পনা বৰুৱাৰ স্বাস্থ্য উন্নত হৈছে যদিও আজি নিশাটোৰ বাবে চিকিৎসালয়ত থাকিব লাগিব বুলি জানিব পৰা গৈছে৷
উল্লেখযোগ্য যে জিলাখনৰ বিভিন্ন স্থানৰ পৰা বহু যুৱক-যুৱতীয়ে আলফাত যোগদান কৰা খবৰে চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে ডিগবৈ আই অ’ চিত কনিষ্ঠ অভিযন্তা হিচাপে প্রশিক্ষণত থকা বিমল বৰুৱাৰ পুত্র তথা পৰেশ বৰুৱাৰ ভতিজাক মুন্না যোৱা ১৬ নৱেম্বৰৰ পৰা নিখোজ হৈ আছিল৷ ইয়াৰ পাছতে মুন্না আলফালৈ যোৱাটো আৰক্ষীয়ে নিশ্চিত কৰে৷ এই খবৰে ঘৰখনত হুৱাদুৱাৰ সৃষ্টি কৰে৷