গুৱাহাটী : অসম চৰকাৰৰ প্রাক্তন কেবিনেট মন্ত্রী চন্দন কুমাৰ সৰকাৰৰ সোমবাৰে পুৱা দেহাৱসান ঘটে৷ পুৱতি নিশা হৃদক্ৰিয়া বন্ধ হৈ প্রাক্তন মন্ত্রীজনৰ আকস্মিক বিয়োগ ঘটাত জিলাব্যাপী শোকৰ ছাঁ পৰিছে৷ প্রয়াত প্রাক্তন মন্ত্রীগৰাকীৰ মৃত্যুৰ খবৰ পাই লোকাৰণ্য হয় অভয়াপুৰীৰ নিজ বাসভৱনত৷ মন্ত্রীগৰাকীৰ প্রতি শ্রদ্ধাঞ্জলি জনাই তেওঁৰ মৃতদেহ লৈ অভয়াপুৰী চহৰৰ মাজেৰে সমদল কৰে৷
তৰুণ গগৈৰ মন্ত্রীসভাত জলসিঞ্চন আৰু ভূমি সংৰক্ষণ বিভাগৰ প্রাক্তন মন্ত্রীজনে নিশাৰ আহাৰ গ্রহণ কৰি অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে পুৱতি নিশা অভয়াপুৰী সামূহিক স্বাস্থ্যকেন্দ্রলৈ লৈ যায়৷ কিন্তু চিকিৎসকৰ পৰামর্শ মতে উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱৰ ল’ৱাৰ আছাম হস্পিটেলত ভর্তি কৰে যদিও চিকিৎসকে প্রাক্তন মন্ত্রীজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে৷
উল্লেখযোগ্য যে প্রয়াত কংগ্রেছী নেতাজনে ১৯৬৫ চনত বঙাইগাঁও জিলাৰ চাকলা নিম্ন বুনিয়াদী প্রাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰি চাকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অষ্টম শ্রেণীলৈকে অধ্যয়ন কৰি শিক্ষা জীৱনৰ সামৰণি মাৰে৷ ইয়াৰ পাছত একেখন বিদ্যালয়তে চতুর্থ বর্গৰ চাকৰিত যোগদান কৰে৷ পাছলৈ ১৯৮৩ চনত চাকৰি বাদ দি আমছুত যোগদান কৰি আমছুৰ সাংগঠনিক সম্পাদকৰ পদত অধিষ্ঠিত হয়৷
ছাত্র সংগঠনৰ পৰা অৱসৰ লৈ ৰাজনৈতিক জীৱনৰ পাতনি মেলি ১৯৯১, ২০০১ আৰু ২০১১ চনৰ বিধানসভাৰ নির্বাচনত অভয়াপুৰী দক্ষিণ (অনুঃ) সমষ্টিৰ পৰা বিধায়ক হিচাপে নির্বাচিত হোৱাৰ লগতে তৰুণ গগৈ নেতৃত্বাধীন কংগ্রেছ চৰকাৰৰ সংসদীয় সচিবৰ লগতে পাছলৈ কেবিনেট মন্ত্রীৰ দায়িত্ব লাভ কৰিছিল৷ তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁৰ বাসভৱনত অগণন কংগ্রেছ কর্মী আৰু গুণমুগ্ধই ভিৰ কৰে৷
সৰকাৰে পত্নী স্বপ্নাৰাণী সৰকাৰ, দুই পুত্র ক্রমে প্রদীপ সৰকাৰ আৰু মিঠুন সৰকাৰ লগতে একমাত্র কন্যা ৰুবি সৰকাৰক এৰি যায়৷ মৃত্যুৰ সময়ত তেওঁ কংগ্রেছৰ কার্যনির্বাহক সদস্য হিচাপে কার্যনির্বাহ কৰি আছিল৷ জিলাখনত চাৰিখনকৈ মহাবিদ্যালয়ৰ লগতে বহুকেইখন শিক্ষানুষ্ঠান প্রতিষ্ঠা কৰা সৰকাৰে সমষ্টিটোত বিভিন্ন উন্নয়নমূলক কাম-কাজত জড়িত আছিল৷
যোৱা নিশা পঞ্চায়ত টিকট বিতৰণৰ কাম-কাজ কৰি শোৱাৰ পাছতে প্রাক্তন মন্ত্রীজন হঠাতে অসুস্থ হৈ পৰে বুলি জানিব পৰা গৈছে৷ সৰকাৰৰ মৃত্যুৰ খবৰ পাই প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰা, বিধায়ক আব্দুল হাই নাগৰী, আব্দুল খালেক, ওৱাজেদ আলী চৌধুৰী সৰকাৰৰ বাসভৱনত উপস্থিত হৈ মৃতকলৈ শ্রদ্ধা জ্ঞাপন কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰাই সৰকাৰৰ মৃত্যুত কংগ্রেছৰ অপূৰণীয় ক্ষতি হোৱা বুলি উল্লেখ কৰে৷
আমছুৰ প্রতিষ্ঠাপক সাংগঠনিক সম্পাদক সৰকাৰৰ মৃত্যুত সংগঠনটোৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে গভীৰ শোক ব্যক্ত কৰিছে৷ বঙাইগাঁও জিলাৰ উপায়ুক্ত বাবুলাল শর্মা, জিলা আৰক্ষী অধীক্ষক হূদয়জিত বর্মন প্রাক্তন মন্ত্রীজনৰ বাসভৱনত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷ ইফালে, প্রাক্তন বিধায়ক সৰকাৰৰ আকস্মিক বিয়োগত বঙাইগাঁও জিলা কংগ্রেছৰ সভাপতি শংকৰ প্রসাদ ৰায়, প্রদেশ কংগ্রেছৰ সম্পাদক বিশ্বজিত ৰায়, আমছুৰ উত্তৰ শালমাৰা জিলা সমিতিৰ সভাপতি বাহাৰুল ইছলাম, যুৱ কংগ্রেছৰ ৰাজ্যিক সম্পাদক মাফিজুৰ ৰহমান খানে গভীৰ শোক প্রকাশ কৰিছে৷ প্রাক্তন মন্ত্রীজনৰ ৰাজ্যিক মর্যাদাৰে নিশা অভয়াপুৰী শ্মশানত শেষক্রিয়া সম্পন্ন কৰা বুলি জানিব পৰা গৈছে৷
বিশিষ্ট ৰাজনীতিক, প্রাক্তন মন্ত্রী চন্দন সৰকাৰৰ বিয়োগত মুখ্যমন্ত্রীৰ শোক প্রকাশ: গুৱাহাটীৰ ষ্টাফ ৰিপ’র্টাৰ: বিশিষ্ট ৰাজনীতিক, দক্ষিণ অভয়াপুৰী সমষ্টিৰ বিধায়ক, প্রাক্তন মন্ত্রী চন্দন সৰকাৰৰ পৰলোকপ্রাপ্তিত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে গভীৰ শোক প্রকাশ কৰিছে৷ এক শোকবার্ত মুখ্যমন্ত্রী সোণোৱালে কয় যে জীৱনকালত প্রয়াত চন্দন সৰকাৰে সমাজৰ বিভিন্ন দিশলৈ যি সেৱা আগবঢ়াই গ’ল সেয়া অসমৰ জনসাধাৰণে শ্রদ্ধাৰে স্মৰণ কৰিব৷
এগৰাকী বিজ্ঞ আৰু জনসাধাৰণক নেতৃত্ব দিব পৰা নেতা হিচাপে সু-পৰিচিত চন্দন সৰকাৰে তেওঁৰ নিঃস্বার্থ সেৱাৰ জৰিয়তে জনসাধাৰণৰ মাজত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল৷ তেওঁৰ বিয়োগ ৰাজ্যৰ ৰাজনৈতিক তথা সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি মুখ্যমন্ত্রীয়ে কয়৷ প্রয়াত চন্দন সৰকাৰৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ আৰু প্রফুল্ল কুমাৰ মহন্তই৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰা, বিৰোধী দলপতি দেৱব্রত শইকীয়া, অগপৰ সভাপতি অতুল বৰা, কার্যকৰী সভাপতি কেশৱ মহন্ত, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসেও মন্ত্রী সৰকাৰৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰে৷
খাৰুপেটীয়াত প্রাক্তন মন্ত্রী চন্দন সৰকাৰৰ মৃত্যুত শোক: খাৰুপেটীয়াৰ নিজা বাতৰি দিওঁতা: প্রাক্তন মন্ত্রী চন্দন সৰকাৰৰ মৃত্যুত সন্ধিয়া দৰঙৰ খাৰুপেটীয়া পৰিদর্শন বঙলা প্রাংগণত আমছুৰ উদ্যোগত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হয়৷ শ্রদ্ধাঞ্জলি অনুষ্ঠানত সংগঠনটোৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাস, দৰং জিলা আমছুৰ সভাপতি আলেপ উদ্দিন আহমেদ আৰু সাধাৰণ সম্পাদক মাহবুবুল হক, সম্পাদক আব্দুছ ছামাদ প্রমুখ্যে কেইবাজনো নেতা-কর্মী উপস্থিত থাকে৷ প্রাক্তন আমছু নেতা সৰকাৰৰ মৃত্যুত আমছুৰ নেতা, কর্মীসকলে গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷
চন্দন সৰকাৰৰ মৃত্যুত শোক: যোগীঘোপাৰ এজন সংবাদদাতা: বঙাইগাঁও জিলাৰ ৩৫নং অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিত তিনিখন আৰু ৩৪নং অভয়াপুৰী উত্তৰ সমষ্টিত এখন মুঠ চাৰিখন মহাবিদ্যালয়ৰ প্রতিষ্ঠাপক তথা জনদৰদী নেতা প্রাক্তন জলসিঞ্চন আৰু ভূমি সংৰক্ষণ মন্ত্রী চন্দন কুমাৰ সৰকাৰৰ মৃত্যুত সমষ্টিবাসীয়ে শোকত ম্রিয়মাণ হৈ পৰিছে৷
আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে প্রাক্তন মন্ত্রীগৰাকীৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰে৷ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে প্রয়াত প্রাক্তন মন্ত্রীগৰাকীৰ বাসভৱনত উপস্থিত হৈ শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷ ইপিনে বঙাইগাঁও জিলা এন এছ ইউ আইৰ সভাপতি ছফিকুল ইছলাম, বঙাইগাঁও জিলা মহিলা কংগ্রেছৰ সাধাৰণ সম্পাদিকা নুৰ মেহেৰুণ নেছা, বইটামাৰী ব্লক কংগ্রেছৰ সভাপতি নুছাৰফ হুছেইন, সাধাৰণ সম্পাদক মীৰ জাহিদুৰ ৰহমান, যোগীঘোপা প্রেছ ক্লাব, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ বঙাইগঁও জিলা সমিতিৰ সভাপতি ফৰিজুল হক, বঙাইগাঁও জিলা সাংবাদিক সন্থাৰ কার্যকৰী সভাপতি মনোৱাৰ হুছেইন, সংখ্যালঘু সংগ্রাম পৰিষদৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি শ্বেখ আব্দুল হামিদ, যোগীঘোপা থানা সমিতিৰ প্রাক্তন সভাপতি বাবৰ আলীৰ লগতে বিভিন্নজনে প্রাক্তন মন্ত্রীগৰাকীৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷
আনহাতে, চলন্তাপাৰাস্থিত মহাত্মা গান্ধী মহাবিদ্যালয়ত শোক সভা অনুষ্ঠিত কৰি মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্রী আৰু কর্মচাৰী, ছাত্র-ছাত্রীসকলে গভীৰ শোক প্রকাশ কৰে৷