ড০ হাফিজ আহমেদ
ভাৰতীয় নাগৰিকৰ ভাৰতবৰ্ষৰ যিকোনো ঠাইলৈ গৈ জীৱিকা উপাৰ্জনৰ অধিকাৰ আছে। এই অধিকাৰ ভাৰতীয় সংবিধানেই নাগৰিক সকলক প্ৰদান কৰিছে। কিন্তু আমাৰ অসম মুলুকত আইন সকলোৰে বাবে সমান নহয়। নামনি আৰু মধ্য অসমৰ গৰাখহনীয়াপীড়িত, দৰিদ্ৰ মুছলমান শ্ৰমিকসকলে জীৱন-জীৱিকাৰ সন্ধানত উজনি অসমলৈ গ'লেই এনে শ্ৰমিকসকল হৈ পৰে সন্দেহযুক্ত নাগৰিক। কাঢ়ি লোৱা হয় তেওঁলোকৰ সাংবিধানিক অধিকাৰ। বজৰং দল, আছু, আটাছু আদি সংগঠনে আইন হাতত তুলি লৈ এনে শ্ৰমিকক শাৰীৰিক ভাৱে অত্যাচাৰ কৰে, আৰক্ষীক গতাই দিয়ে। আৰক্ষীয়ে তেওঁলোকৰ নাগৰিকত্ব পৰীক্ষা কৰি নিজ নিজ থানালৈ পঠিয়াই দিয়ে আৰু তেওঁলোকক নিজৰ ঘৰলৈ প্ৰেৰণ কৰা হয়। এনে ঘটনাবোৰ বেছিকৈ কেতিয়া সংঘটিত হয়? যেতিয়া অসমত সাম্প্ৰদায়িক সংঘৰ্ষ আদি ঘটে আৰু অসমৰ ৰাইজৰ সমুখত চৰ-চাপৰিৰ মুছলমান মাত্ৰেই বাংলাদেশী বুলি প্ৰচাৰ কৰি ৰাজনৈতিক মুনাফা লাভৰ প্ৰয়োজন হয়। কেতিয়াবা আকৌ ৰাজ্য খনত ঘটি থকা আন্দোলন আদিৰ পৰা ৰাইজৰ দৃষ্টি আঁতৰাই নিবলৈকেও এনে ঘটনা সংঘটিত কৰা হয় চৰকাৰৰ দ্বাৰা। সংঘটিত কৰে ৰাইজৰ সংগঠন বুলি পৰিচিত চৰকাৰৰ দালাল সংগঠন কেতবোৰে।
দুটা উদাহৰণে কথাটো স্পষ্ট কৰিব। ২০২১ চনত বিটিএডিত শতাধিক মুছলমানক হত্যা কৰা হ’ল। বিটিএডিৰ নৃগোষ্ঠীগত পৰিস্কৰণক নাম দিয়া হ’ল— বড়ো আৰু বাংলাদেশীৰ মাজৰ সংঘৰ্ষ বুলি। ৰাষ্ট্ৰীয় আৰু আমাৰ অসমৰ একাংশ প্ৰচাৰ মাধ্যমেও এনে অপপ্ৰচাৰ চলালে। এল কে আদৱানিয়ে বাংলাদেশৰ পৰা নাৱেৰে আহি বিটিএডিত বড়োসকলক আক্ৰমণ কৰাৰ কল্পকাহিনীও প্ৰচাৰ কৰিলে। এনে কাহিনীক, বাতৰিকাকতৰ অসত্য প্ৰচাৰক বাস্তৱ সন্মত বুলি প্ৰমাণ কৰিবলৈ অসমৰ সকলোতে বাংলাদেশীয়ে টিঘিলঘিলাই ফুৰা বুলি দেখুৱাবলগীয়া হ’ল।গতিকে ই উজনি অসমত আৰম্ভ হ'ল— চৰ-চাপৰিৰ মুছলমান শ্ৰমিকৰ ওপৰত অত্যাচাৰ।
২০১২ চনৰ ২১ ছেপ্তেম্বৰত লিডু আৰু মাৰ্ঘেৰিটাৰ কয়লাখনিত কাম কৰা বৰপেটা জিলাৰ ৬১জন শ্ৰমিকক মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰসন্থাই, ২৩ আৰু ২৪ নৱেম্বৰ তাৰিখে দৰং জিলাৰ দলগাঁও থানা এলেকাৰ ২৯জন শ্ৰমিকক তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই আৰু ডিচেম্বৰ মাহৰ ২ তাৰিখে নগাঁও জিলাৰ দলনী জুৰিয়া আৰু নিজ জুৰীয়াৰ ১৩জন আৰু মৰিগাঁও জিলাৰ লেংৰীবাৰীৰ ৭জন শ্ৰমিকক গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাই সন্দেহজনক নাগৰিক বুলি নৃশংস অত্যাচাৰ কৰি নিজ নিজ এলেকাৰ থানাসমূহত চমজাই দিছিল।আৰক্ষীয়ে তেওঁলোকৰ নাগৰিকত্বৰ প্ৰমাণ লাভ কৰি নিজ নিজ ঘৰলৈ পঠিয়াই দিলে।
এনে ঘটনাবোৰৰ ক্ষেত্ৰত চৰ-চাপৰি সাহিত্য পৰিষদ আৰু আমছুৱে কেতবোৰ গোচৰ দাখিল কৰিছিল যদিও সেইসময়ৰ তৰুণ গগৈ চৰকাৰৰ গৃহবিভাগে কোনো ব্যৱস্থা হাতত লোৱা নাছিল। উদাহৰণস্বৰূপে দলগাঁৱৰ শ্ৰমিকসকলক অত্যাচাৰ কৰা সন্দৰ্ভত দলগাঁও আমছুৱে দাখিল কৰা গোচৰটোৰ সন্দৰ্ভত (দলগাঁও পি এছ গোচৰ নং ৭২৬/২০১২)আজিও কোনো ব্যৱস্থা লোৱা হোৱা নাই।
অতি সম্প্ৰতি এই আটাছু নামৰ সংগঠনটোৰ নকাছাৰী আঞ্চলিকে সেই এলেকাৰ জনৈক দেবেন দাসৰ ইটাভাতাত কাম কৰিবলৈ যোৱা মৰিগাঁৱৰ শ্ৰমিকক অকথ্য অত্যাচাৰ কৰি দেৱেৰাপাৰা আৰক্ষী চকীত চমজাই দিছে।
দীৰ্ঘদিন ধৰি এনে অত্যাচাৰ চলি থকাৰ পিছতো কিন্তু চৰকাৰ, মানৱাধিকাৰ আয়োগ নীৰৱে আছে। নীৰৱে আছে আমাৰ জনপ্ৰতিনিধিসকল। বিধানসভা, সংসদত উচ্চাৰিত হোৱা নাই প্ৰতিবাদধ্বনি। নীৰৱে আছে শ্ৰমিক সংগঠনসমূহো। চিৰদিনেই চলি থাকিব নেকি নীৰিহৰ ওপৰত এনে অকথ্য অত্যাচাৰ?