গুৱাহাটী : বৰপেটা জিলাৰ পশ্চিম আৰু বঙাইগাঁও জিলাৰ পূৱ অংশক সামৰি এক বৃহত্তৰ অঞ্চলৰ এক অন্যতম উচ্চ শিক্ষানুষ্ঠান কলগাছিয়াস্থিত নৱজ্যোতি মহাবিদ্যালয়ৰ প্রাক্তন ছাত্র সন্মিলন ছিকিমৰ ৰাজধানী গেঙটকত অনুষ্ঠিত কৰা হ’ব। গুৱাহাটীস্থ লেইজাৰ ট্রেভেলছৰ (#Leisure_Travels) বিশেষ ৰেহাইৰ সৌজন্যত বৰপেটাৰ পৰা গেংটকলৈ বাছেৰে কৰিবলগীয়া এই ভ্ৰমণত সাধাৰণ মূল্য ১৩,০০০ টকাৰ পৰিৱৰ্তে ইয়াৰ মূল্য মাত্ৰ ৫,০০০ টকালৈ হ্ৰাস কৰিছে৷ মুখ্য আয়োজক ডঃ বাতেন প্ৰধানীয়ে জানিবলৈ দিয়া মতে—
সুবিধাসমূহ :
১৷ তিনিদিনীয়া ভ্ৰমণত ২ ৰাতি হোটেলত থকাৰ সুবিধা৷
২৷ হোটেলত থাকিব ২ বাৰ চাহ-জলপানিৰ ব্যৱস্থা৷
৩৷ ৰেষ্টুৰেণ্টত ৩ বাৰকৈ দুপৰীয়া আৰু নৈশ আহাৰ ভোজনৰ ব্যৱস্থা৷
৪৷ ভ্ৰমণ গোটটোত থাকিব এগৰাকী ভ্ৰমণ পৰিচালক৷
৫৷ এটা দিন হোটেলত কনফাৰেন্সৰ ব্যৱস্থা৷
এই ছাত্ৰ সন্মিলনৰ মুখ্য উদ্দেশ্যসমূহ:
১. নিজৰ অতীত, বর্তমান আৰু ভৱিষ্যত ইজনে সিজনৰ লগত বিনিময় কৰা৷
২. এখন স্মৰণিকাৰ (আলোচনী) জৰিয়তে লিপিৱদ্ধ কৰা৷
৩. আর্থিকভাৱে দূর্বল সহপাঠীৰ ল'ৰা-ছোৱালীৰ শিক্ষাৰ খৰচ বহন কৰিবলৈ এটা পুঁজি (fund) গঠন কৰা৷
৪. সাধ্যনুসাৰে ইজনে সিজনৰ কর্ম ক্ষেত্রত সহযোগিতাৰ প্রতিশ্রুতিৱদ্ধ হোৱা৷
৫. কাৰোবাৰ মনত পুহি ৰখা সপোন (সম্ভৱপৰ) পূৰণ কৰিবলৈ সহায়ৰ হাত আগবঢ়োৱা৷
অহা ১৯,২০ আৰু ২১ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই ছাত্ৰ সন্মিলনত অংশগ্ৰহণ কৰিব বিচৰা ইচ্ছুক প্রাক্তন ছাত্রসকলে অহা ২৫ নৱেম্বৰৰ ভিতৰত উদ্যোক্তাসকলৰ লগত যোগাযোগ কৰাৰ উপৰি তলত দিয়া ফর্মত নিজৰ নাম ভর্তি কৰিব পাৰিব৷ সবিশেষ জানিবলৈ (+৯১)৯৮৫৪০৪০৪০৪/৭০০২২১৭২৯১ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে৷
ফর্ম: http://bit.ly/2Oly4nA