টংলা : অসম শক্তি বিতৰণ কোম্পানীৰ অধীনত দীৰ্ঘদিনে বিনা বেতনে কৰ্মৰত অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত আজি ওদালগুৰি জিলাৰ টংলাস্থিত বৈদ্যুতিক উপ-সংমণ্ডলৰ অধীনত কৰ্মৰত অবৈতনিক কৰ্মচাৰীসকলে কাৰ্যলয়ৰ সমূখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। উপ-সংমণ্ডলটোৰ অধীনৰ টংলা, কচুবিল, বৰঙাজুলি, খৈৰাবাৰী আৰু হাতীগড় শক্তি কেন্দ্ৰত কৰ্মৰত অৰ্ধ শতাধিক অবৈতনিক কৰ্মচাৰীয়ে হাতে-হাতে বেনাৰ, প্লেকাৰ্ড লৈ চাকৰি নিয়মীয়াকৰণৰ দাবীত বিভিন্ন শ্ল’গানেৰে কাৰ্যালয় চৌহদৰ পৰিবেশ উত্তাল কৰি তোলাৰ উপৰি দিনটোৰ বাবে কাৰ্যালয়টোৰ স্বাভাৱিক কাম-কাজ অচল কৰি তোলে৷
প্ৰতিবাদকাৰীসকলে অভিযোগ কৰা অনুসৰি শক্তি বিতৰণ কোম্পানীটোৱে অবৈতনিকভাৱে কৰ্মৰত অস্থায়ী কৰ্মচাৰীসকলৰ সেৱা দীৰ্ঘদিন ধৰি গ্ৰহণ কৰি আহিছে যদিও শেহতীয়াকৈ কোম্পানীটোৱে চাকৰি নিয়মীয়াকৰণৰ বাবে প্ৰকাশ কৰা তালিকাত এইসকল কৰ্মচাৰীৰ নাম অন্তৰ্ভুক্ত নকৰিলে ৷ সেয়ে কৰ্মৰত এইসকল কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ নকৰা পৰ্যন্ত গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিব বুলি হুংকাৰ দি ঊৰ্ধ্বতন কৰ্তৃপক্ষলৈ প্ৰতিবাদকাৰীসকলে স্মাৰক-পত্ৰ প্ৰেৰণ কৰিছে ৷