ডিমাকুছিত মডেল হস্পিটেলৰ আধাৰশিলা স্থাপন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

December 13, 2018

ডিমাকুছিত মডেল হস্পিটেলৰ আধাৰশিলা স্থাপন


ওদালগুৰি : ওদালগুৰি জিলাৰ ভাৰত-ভূটান আন্ত:ৰাষ্ট্ৰীয় সীমান্তৰ ডিমাকুছিত অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ বিশেষ পেকেজৰ অধীনত কাল‌ি ৫০খন বিছনাযুক্ত মডেল হস্পিটেলৰ আধাৰশিলা স্থাপন কৰে পানেৰী বিধানসভা সমষ্টিৰ বিধায়িকা কমলী বসুমতাৰীয়ে ৷ বিটিচিৰ উপাধ্যক্ষ নেৰশ্বন বড়োৰ পৌৰহিত্যত অনুষ্ঠিত আধাৰশিলা স্থাপন অনুষ্ঠানত বিধায়িকা কমলী বসুমতাৰীয়ে বিটিএডিৰ ওদালগুৰি জিলাৰ ভূটান সীমান্তৱৰ্তী এলেকাত জনসাধাৰণৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ এই মডেল হস্পিটেল স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উনুকিয়ায়৷ বিটিএডিত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত সৰ্বাংগীন উন্নয়ন সম্ভৱ হোৱা বুলি দাবী কৰি বিধায়িকা কমলী বসুমতাৰীয়ে সমষ্টিৰ উন্নয়নমূলক কাম-কাজত সকলো জাতি-জনগোষ্ঠীৰ সহায়-সহযোগ আহ্বান কৰে৷

সভাত বিটিচিৰ পৰিষদীয় সদস্য সুৰেশ তাঁতি, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ গণেশ চন্দ্ৰ বড়ো, মহকুমা স্বাস্থ্য বিষয়া ডাঃ অনিল কুমাৰ ডেকা আদিৰ লগতে যথেষ্ট সংখ্যক বিশিষ্ট লোকৰ উপৰি অঞ্চলটোৰ ৰাইজ উপস্থিত থাকে৷ আনহাতে একেদিনাই বিধায়িকা কমলী বসুমতাৰীয়ে মুখ্যমন্ত্ৰী বিশেষ পেকেজৰ ছিগনেশ্বাৰ প্ৰজেক্টৰ অধীনত ১০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগা ভেৰগাঁও-পৰবাহুচুবা-ডিমাকুছি-বামুনজুলি সংযোগী পথটোৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৷

SPONSORED