কবি সনন্ত তাঁতি, গল্পকাৰ ঋতুৰাজ বসুমতাৰীলৈ সাহিত্য অকাদেমি বঁটা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, December 06, 2018

কবি সনন্ত তাঁতি, গল্পকাৰ ঋতুৰাজ বসুমতাৰীলৈ সাহিত্য অকাদেমি বঁটা


গুৱাহাটী : দুজন বিশিষ্ট সাহিত্যিকৰ জৰিয়তে পুনৰবাৰ ৰাষ্ট্রীয় সন্মানৰ অধিকাৰী হৈছে অসম৷ বিশিষ্ট কবি সনন্ত তাঁতি আৰু গল্পকাৰ ঋতুৰাজ বসুমতাৰীলৈ ২০১৮ বর্ষৰ সাহিত্য অকাদেমি বঁটা আগ বঢ়োৱা হৈছে৷

আজি নতুন দিল্লীত অকাদেমিয়ে আনুষ্ঠানিকভাৱে ‘কাইলৈৰ দিনটো আমাৰ হ’ব’ কাব্যগ্রন্থৰ বাবে অসমীয়া ভাষাত কবি সনন্ত তাঁতি আৰু ‘দৌংচে লামা’ (এটি পথ) নামৰ চুটি গল্প সংকলনৰ বাবে বড়ো ভাষাত ঋতুৰাজ বসুমতাৰীলৈ বঁটা আগ বঢ়োৱাৰ কথা ঘোষণা কৰে৷ উল্লেখযোগ্য যে দেশৰ মুঠ ২৪টা ভাষাৰ বাবে অকাদেমিয়ে মূল বঁটা প্রদান কৰে৷

অন্য ভাষাৰ বঁটা বিজয়ীৰ লগতে দুই অসম সন্তানে অহা ২৯ জানুৱাৰীত নতুন দিল্লীত আয়োজন কৰা বঁটা প্রদান অনুষ্ঠানত বঁটা গ্রহণ কৰিব৷ প্রণিধানযোগ্য যে এই বঁটাৰ সৈতে ১ লাখ টকাৰ চে’ক, তাম্রপত্র আৰু অংগ বস্ত্র প্রদান কৰা হয়৷ ইফালে প্রতিটো বঁটাই আনন্দদায়ক বুলি প্রকাশ কৰি আজি সাহিত্য অকাদেমি বঁটা লাভ কৰিও আনন্দিত হৈ পৰা বুলি প্রকাশ কৰে কবি সনন্ত তাঁতিয়ে৷

বঁটা লাভৰ পাছত প্রতিক্রিয়া প্রকাশ কৰি তেওঁ কয় যে তেওঁ অসমীয়া সাহিত্যলৈ আগ বঢ়োৱা অৱদানক জাতীয় স্তৰত স্বীকৃতি দিয়াৰ বাবে কৃতজ্ঞ৷ আনহাতে এই বঁটা প্রদানৰ ক্ষেত্রত নির্বাচক মণ্ডলীকে ধৰি যিসকলৰ অৱদান আছে সকলোলৈ তেওঁ ধন্যবাদো জ্ঞাপন কৰে৷ ইফালে এই বঁটা লাভৰ ফলত তেওঁ স্বীকৃতি লাভ কৰাৰ লগতে আর্থিকভাৱেও কিছু সকাহ লাভ কৰা বুলি সদৰী কৰি কয় যে এই মুহূর্তত তেওঁক বঁটাতকৈ অর্থৰ অধিক প্রয়োজন হৈছে৷

লক্ষণীয় যে বিগত কিছুদিন ধৰি দুৰাৰোগ্য ৰোগত আক্রান্ত হৈ চিকিৎসাধীন হৈ থকা কবি তাঁতি কাইলৈ পুনৰ চিকিৎসাৰ বাবে নতুন দিল্লীলৈ যোৱাৰ কথা৷ উল্লেখযোগ্য যে কৰিমগঞ্জ জিলাৰ কালিনগৰত জন্মগ্রহণ কৰা কবিজনে জীৱনৰ আদবাটৰ পৰাহে অসমীয়া ভাষাত কাব্যচর্ আৰম্ভ কৰে৷ কালিনগৰ চাহ বাগিচা নিম্ন প্রাথমিক বিদ্যালয়ত বাঙালী ভাষাত শিক্ষা জীৱন আৰম্ভ কৰা কবি তাঁতিয়ে কাব্যচর্ও আৰম্ভ কৰে এই ভাষাতে৷

ৰামকৃষ্ণ বিদ্যাপীঠৰ পৰা উচচতৰ মাধ্যমিক উত্তীর্ণ হোৱাৰ পাছত তেওঁ শ্বিলঙত ছেইণ্ট এন্থনীজ কলেজত বিজ্ঞান শাখাত স্নাতক পর্যায়ত নামভর্তি কৰে৷ কিন্তু অর্থৰ অভাৱত আধাতে তাত শিক্ষা সামৰি যোৰহাটত পুনৰ নামভর্তি কৰে৷

১৯৬৯ চনত শ্বিলঙত তেওঁ কাব্যচর্ আৰম্ভ কৰি প্রথমটো কবিতা লিখে৷ কবিতাটো পশ্চিম বংগৰ এখন আলোচনীত প্রকাশ পায়৷ কিন্তু যোৰহাটত থকা কালছোৱাত তেওঁ অসমীয়া ভাষাতো কাব্যচর্ আৰম্ভ কৰে৷ ১৯৭১ চনত তেওঁ প্রথমটো অসমীয়া কবিতা ‘সংশয়’ ৰচনা কৰে৷

কবিতাটো সাহিত্যিক নগেন শইকীয়াই সম্পাদনা কৰা এখন আলোচনীত প্রকাশ পাইছিল৷ যোৰহাটত থকা অৱস্থাতে তেওঁ প্রসিদ্ধ সাহিত্যিক নীলমণি ফুকন, নগেন শইকীয়া আৰু আনন্দ বৰুৱা আদি লোকৰ সান্নিধ্যলৈ আহে৷

১৯৮১ চনত তেওঁৰ প্রথমখন কাব্য সংকলন ‘উজ্জ্বল নক্ষত্রৰ সন্ধানত’ প্রকাশ পায়৷ তাৰ পাছত এইপর্যন্ত অসমীয়া কাব্য সাহিত্যলৈ তেওঁ অনবদ্য অৱদান আগ বঢ়াই প্রায় ১৪খন কাব্য সংকলন প্রকাশ কৰিছে৷ আজি বঁটা লাভ কৰা গ্রন্থ ‘কাইলৈৰ দিনটো আমাৰ হ’ব’ত মুঠ ৫৬টা কবিতা সন্নিৱিষ্ট কৰা হৈছে আৰু গ্রন্থখন মুঠ ১০৪ পৃষ্ঠাৰ৷ গুৱাহাটীৰ বাসিন্দা হোৱা কবিজনে মিনতি কাকতিৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷

অসমীয়া সাহিত্য ক্ষেত্রখনলৈ আগ বঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁক ১৯৯৪ চনত অসম কবি সমাজে মৃণালিনী দেৱী গোস্বামী বঁটা, দলিত সাহিত্য একাডেমিৰ অসম শাখাই বীৰ বীৰছা মুণ্ডা বঁটা, চৰ চাপৰি সাহিত্য পৰিষদে ২০১০ চনত ওছমান আলী সমন্বয় বঁটা প্রদান কৰে৷ অসমৰ অন্যতম শক্তিশালী কবি হিচাপে পৰিচিত কবি সনন্ত তাঁতিয়ে তেওঁৰ কবিতাত সমাজ, মানুহৰ চিন্তা-চেতনা, সামাজিক দায়বদ্ধতা, নিজৰ আৰু সমাজৰ মনোৰঞ্জন আদি প্রতিফলিত হয় বুলি প্রকাশ কৰিছে৷

দৌংচে লামাৰ বাবে ঋতুৰাজ বসুমতাৰীলৈ বড়ো ভাষাত সাহিত্য অকাদেমি: ডিফুৰ ষ্টাফ ৰিপ’র্ৰ আৰু হাওৰাঘাটৰ নিজা প্রতিবেদক: বিশিষ্ট বড়ো কবি-সাহিত্যিক ঋতুৰাজ বসুমতাৰীলৈ তেওঁৰ চুটিগল্প সংকলন দৌংচে লামালৈ (এটি পথ) ২০১৮ বর্ষৰ সাহিত্য অকাদেমি বঁটা প্রদান কৰাত কার্বি আংলং জিলালৈ আনন্দৰ ধল বৈছে৷ জিলাখনৰ লাংহিনৰ পামগাঁও উচচতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ঋতুৰাজ বসুমতাৰীৰ জন্ম ১৯৬৩ চনত৷

শিক্ষকতাৰ সমান্তৰালভাৱে তেওঁ সাহিত্য চর্ও অব্যাহত ৰাখিছে৷ তেঁও সম্প্রতি বড়ো সাহিত্য সভাৰ কেন্দ্রীয় সমিতিৰ বঁটা প্রদান সমিতিৰ আহবায়ক আৰু জিলা বড়ো সাহিত্য সভাৰ উপ-সভাপতি হিচাপে কার্যনির্বাহ কৰি আছে৷

লাংহিন তিনিআলিৰ ফটিকাজানৰ নিৱাসী বসুমতাৰীয়ে বঁটা লাভ কৰি প্রতিক্রিয়া প্রকাশ কৰি কয় যে বঁটা লাভৰ লক্ষ্যৰে কেতিয়াও লিখা নাছিল৷ অসমীয়া আৰু বড়ো উভয় ভাষাত সাহিত্য চর্ কৰি থকাৰ কথাও সদৰী কৰি তেওঁ কয় যে ১৯৮৮ চনত সদৌ কার্বি আংলং জিলা নবীন লেখক-লেখিকা সমিতিৰ সম্পাদক পদত থকাৰ পৰাই সহিত্যৰ প্রতি ধাউতি বৃদ্ধি পায়৷ বড়ো সাহিত্যৰ চর্ কৰা লোকৰ সংখ্যা কম হোৱা দেখি তেওঁ ১৯৯৯ চনৰ পৰা বড়ো ভাষাত গল্প সাহিত্য চর্ত মনোনিৱেশ কৰা বুলি তেওঁ সদৰী কৰে৷ তেওঁ কয় যে এইপর্যন্ত ২৩টা গল্পৰ সংকলন ‘দৌংচে লামা’ৰ উপৰি ‘মৌনচে চিমাং নেনানৈ’ (স্বপ্ন এটি প্রতীক্ষাৰ) নামৰ আন এখন কবিতা সংকলনো প্রকাশ পাইছে৷

লোকনাথ উপাধ্যায় চাপাগাইনলৈ নেপালী ভাষাৰ বাবে বঁটা ঃ আনহাতে উজনি অসমত জন্মগ্রহণ কৰি সম্প্রতি পশ্চিম বংগৰ শিলিগুৰিত বাস কৰা লোকনাথ উপাধ্যায় চাপাগাইনলৈ নেপালী ভাষাৰ বাবে বঁটা প্রদান কৰা হৈছে৷ তেওঁৰ চুটি গল্প সংকলন ‘কিনা ৰয়েয়ু উপামা’ (উপমা কিয় কান্দিলা)ৰ বাবে এই বঁটা লাভ কৰিছে৷

১৯৩৯ চনত ডিগবৈত জন্মগ্রহণ কৰা লোকনাথ উপাধ্যায় চাপাগাইনৰ পিতৃৰ নাম কপিল মণি উপাধ্যায় আৰু মাতৃৰ নাম চন্দ্রকলা উপাধ্যায়৷ অৱশ্যে বিগত বহুবছৰ ধৰি তেওঁ পৰিয়ালসহ শিলিগুৰিত থাকি সাহিত্য চর্ কৰি আহিছে৷ আঁধি, চাইট, অন্তৰাল, বিৱর্তন আদি তেওঁৰ উল্লেখযোগ্য সাহিত্য সৃষ্টি৷

SPONSORED