গুৱাহাটী : বহু জল্পনা-কল্পনাৰ অন্তত আজি প্রথম পর্যায়ৰ পঞ্চায়ত নির্বাচনত গোগামুখত অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ আজি ভোট গ্রহণ চলি থকাৰ সময়তে বৰদলনি জিলা পৰিষদ সমষ্টিৰ অন্তর্গত লটাক পঞ্চায়তত সংঘটিত হয় এক অঘটন৷
পুৱা ৭ বজাৰ পৰা শৃংখলাবদ্ধভাৱে ভোট গ্রহণ চলি থকা ৩১০নং বেতনিহোলা বাৰগুৰি এল পি স্কুললৈ এখন টাটা ছুম’ত চি আৰ পি এফৰ জোৱানৰ দল এটা আহিছিল৷ চি আৰ পি এফৰ দলটো অহা টাটা ছুম’খনে ভোটকেন্দ্রটোৰ পৰা প্রায় ৫০ মিটাৰ দূৰত থকা বিজেপিৰ এটা নির্বাচনী কার্যালয় মহতিয়াই নিয়ে৷ ইয়াৰ পাছতে টাটা ছুম’খন খাৱৈত পৰি সম্পূর্ণৰূপে জ্বলি ছাই হয়৷ ইফালে চি আৰ পি এফৰ অগ্নিদগ্ধ হোৱা বাহনখনৰ কাষতে থকা এখন স্কুটি আৰু তিনিখন চাইকেলো জুইত জাহ যায়৷
উক্ত ঘটনাত বিজেপিৰ নির্বাচনী কার্যালয়ত চাহ প্রস্তুত কৰি থকা ১০ গৰাকী লোক আহত হয়৷ দুর্ঘটনাত জীৱনদুৱৰা, গোবিন খনিকৰ, ৰাজীৱ তামুলী, পুণ্য দাস চুতীয়া (চেণ্টি) আৰু মানস তামুলী নামৰ এটা শিশু গুৰুতৰভাৱে আহত হয়৷ ইয়াৰে পুণ্য দাস চুতীয়া (চেণ্টি) নামৰ মহিলা গৰাকী আঠ মাহৰ গর্ভৱতী আছিল৷ আহতসকলক ততাতৈয়াকৈ প্রাথমিক চিকিৎসাৰ বাবে গোগামুখ সামূহিক চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷
ইয়াৰে ৰণ্টু দুৱৰা নামৰ ব্যক্তিজনৰ অৱস্থা অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্রেৰণ কৰা হয়৷ পুণ্য দাস চুতীয়া (চেণ্টি) নামৰ মহিলাগৰাকী উন্নত চিকিৎসাৰ বাবে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও চিকিৎসকে গর্ভস্থ সন্তানটিক মৃত বুলি ঘোষণা কৰে৷
আনহাতে দুর্ঘটনা সংঘটিত কৰি জুইত জাহ যোৱা ছুম’খনত থকা চি আৰ পি এফৰ জোৱানসকলে ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ স্থানীয় ৰাইজে টাটা ছুম’খনৰ চালকজনে অত্যধিক সুৰাপান কৰি গাডী় চলোৱাৰ বাবে দুর্ঘটনাটো সংঘটিত হোৱা বুলি জানিবলৈ দিছে৷ বৰদলনি জিলা পৰিষদৰ সমষ্টিৰ কেইবাখনো পঞ্চায়তত ব্যাপক খেলিমেলিৰ মাজেৰে ভোট গ্রহণ সমাপ্ত হয়৷