গোৱর্ধনাত পথ দুর্ঘটনাত অ’ চিসহ দুজন নিহত - SANGBAD PRAHARI

Breaking

Responsive Ads Here

December 24, 2018

গোৱর্ধনাত পথ দুর্ঘটনাত অ’ চিসহ দুজন নিহত


বাকসা : বাকসা জিলাৰ শালবাৰী মহকুমাৰ গোৱর্ধনাত আজি পুৱাৰ ভাগত সংঘটিত এটা ভয়ংকৰ পথ দুর্ঘটনাত গোৱর্ধনা আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া দেনেগ্রা ব্রহ্ম (৩২) আৰু তেওঁৰ গাড়ীচালক বিজন উজীৰ (৩০) থিতাতে নিহত হয়৷ দুর্ঘটনাটোত গুৰুতৰভাৱে আহত হয় তিনিজন বেটেলিয়ন জোৱান আৰু এজন আচামী৷

ঘটনাৰ বিৱৰণী অনুসৰি আজি পুৱাৰ ভাগত গোৱর্ধনা আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া দেনেগ্রা ব্রহ্ম, গাড়ীচালক বিজন উজীৰ আৰু তেওঁৰ তিনি সহযোগী জোৱানৰ লগতে এজন আচামীক লৈ এখন বলেৰ’ৰে (এ এছ ০১ ডি ইউ ৯৯৯৭) বৰপেটাৰোডৰ জাখলিবিল পথাৰৰ পৰা গোৱর্ধনা অভিমুখে আহি থকাৰ সময়ত গোৱর্ধনা চক বজাৰ পাবলৈ আধা কিল’মিটাৰমান বাকী থকাৰ সময়ত সম্মুখৰ পৰা অহা শিল-বালি ভর্তি ট্রেক্টৰ এখনৰ (এ এছ ১৫ এ চি ১৫৬১) লগত মুখামুখি সংঘর্ষ হয়৷

ট্রেক্টৰৰ খুন্দাত ভাঙি চূচূৰ্মৈ হয় আৰক্ষীৰ লোক আহি থকা বলেৰ’ গাড়ীখন আৰু ঘটনাস্থলীতে নিহত হয় আৰক্ষী বিষয়া দেনেগ্রা ব্রহ্ম, গাড়ীচালক বিজন উজীৰ৷ বলেৰ’খনত থকা তিনিগৰাকী আৰক্ষী জোৱান ক্রমে কিশোৰ দাস, বিশাল শর্মা, মনীষ শর্মা আৰু এজন আচামী মকিবুৰ ৰহমান গুৰুতৰভাৱে আহত হোৱাত স্থানীয় লোকৰ সহযোগত ততাতৈয়াকৈ বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্রেৰণ কৰা হয়৷ ইফালে ঘটনা সংঘটিত কৰি ট্রেক্টৰখনৰ চালকজনে পলায়ন কৰে৷

পৰৱর্তী সময়ত বাকসা-বৰপেটা জিলা প্রশাসনৰ উচ্চপদস্থ আৰক্ষী বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ নিহত আৰক্ষী বিষয়া আৰু গাড়ীচালকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰে৷ ভাৰপ্রাপ্ত বিষয়া দেনেগ্রা ব্রহ্মই পত্নী, পাঁচ বছৰীয়া কন্যা সন্তান আৰু দুই বছৰীয়া পুত্র সন্তানক এৰি থৈ যায়৷ আনহাতে কনিষ্টবল বিজন উজীৰ কেইমাহমানৰ আগতে বিবাহপাশত আবদ্ধ হৈছিল৷

পাথৰিঘাটৰ নিজা বাতৰি দিওঁতা: দৰঙৰ ১৫নং ৰাষ্ট্রীয় ঘাইপথৰ পুনিয়াত আজি সন্ধিয়া সংঘটিত হয় এক ভয়াৱহ পথ দুর্ঘটনা৷ এই দুর্ঘটনাত এটি শিশু আৰু এজন লোক থিতাতে নিহত হয়৷ শিশুটিৰ নাম ইৰফান আলম৷ আনজন হৈছে পশ্চিম দৰঙৰ পাথৰিঘাট ৰাজহ চক্র কার্যালয়ৰ কাননগো তথা ভেৰুৱা দল গাঁও নিৱাসী গোবিন্দ কলিতা (৫৫) ঘটনাৰ বিৱৰণী মতে সন্ধিয়া ৫-১৫ বজাত মঙলদৈৰ পৰা ঘৰ অভিমুখে আহি থকা দুখন বাইকত বিপৰীত দিশৰ পৰা গৈ থকা ৱেগনাৰ ( এ এছ ০১ ইউ ৭৪৯৮) বাহনখনে পৃথকে পৃথকে মুহূর্তৰ ভিতৰতে মহতিয়াই নিয়াৰ ফলত দুয়োগৰাকীৰ থিতাতে মৃত্যু হোৱাৰ লগতে বাইক আৰোহী আব্দুল লতিফ আৰু তেওঁৰ পত্নী গুৰুতৰভাৱে আঘাতপ্রাপ্ত হোৱাত সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্রেৰণ কৰা হয়৷

দুর্ঘটনাত পতিত হোৱা বাইক দুখনৰ নম্বৰ হ’ল– এ এছ ০১ পি টি ৭৮৯৯ আৰু আনখন গোবিন্দ কলিতাৰ এ এছ ১৩-৯৩৭৬ নিহত মৃত শিশুটিৰ পিতৃৰ ঘৰ পাথৰিঘাটৰ ১নং ঘোঁৰাশাল (তুৰাই) গাঁৱত৷ নিহত শিশুসহ দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়ত ভর্তি কৰা হৈছে৷

 আনহাতে পশ্চিম কার্বি অংলঙত সংঘটিত হয় ভয়াৱহ পথ দুর্ঘটনা৷ আবেলি চাৰিমান বজাত জিলাখনৰ টুম্প্রেঙৰ বালিগাঁৱত সংঘটিত হয় এই দুর্ঘটনা৷ শিলভর্তি এখন ট্রাকে এখন বাইকক মহতিয়াই নিয়াত থিতাতে নিহত হয় দুই বাইক আৰোহী৷ নিহত বাইক আৰোহী দুজনৰ এজন জেনমিজিৰ বিমল ক্র’ বুলি চিনাক্ত কৰা হৈছে৷ আনজনক চিনাক্ত কৰিব পৰা হোৱা নাই৷ ঘটনাস্থলীত বৈঠালাংছ’ থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰিছে৷

SPONSORED