দুলীয়াজান : ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ ব্যৱসায়ী দুলীয়াজান নিৱাসী কামাখ্যা বৰঠাকুৰৰ কালি বিয়লি ৩-১৫ বজাত চেন্নাইৰ এখন চিকিৎসালয়ত মৃত্যু হয়৷
দীর্ঘদিন যকৃতৰ অসুখত ভুগি থকা বৰঠাকুৰৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৭০ বছৰ৷ ১৯৪৮ চনত যোৰহাট জিলাৰ টীয়ক বামুণ গাঁৱত জন্মগ্রহণ কৰা বৰঠাকুৰে ডিব্রুগড়ত শিক্ষা জীৱন সমাপ্ত কৰি পৰৱর্তী সময়ত দুলীয়াজানলৈ আহি তাতেই কর্মজীৱনৰ পাতনি মেলে৷
বিজ্ঞান শাখাৰ স্নাতক বৰঠাকুৰে প্রথম অৱস্থাত ক্ষুদ্র ব্যৱসায়ৰ জৰিয়তে অতি কষ্টৰে নিজকে দুলীয়াজানত প্রতিষ্ঠা কৰাৰ পাছত অইল ইণ্ডিয়া লিমিটেডৰ প্রথম শ্রেণীৰ এজন ঠিকাদাৰ হিচাপে প্রতিষ্ঠা লাভ কৰে৷ ইয়াৰ উপৰি প্রথমে তিনিচুকীয়াত টাটা মটর্ছৰ বিক্রেতা প্রতিষ্ঠান গার্গ মটর্ছ আৰম্ভ কৰি পাছলৈ গুৱাহাটী, ডিব্রুগড়, দুলীয়াজান, যোৰহাট আৰু শিৱসাগৰ চহৰলৈ নিজৰ ব্যৱসায় সম্প্রসাৰণ কৰে৷
বর্তমান গার্গ মটর্ছত প্রায় ১০০০ৰো অধিক কর্মচাৰী নিয়োজিত হৈ আছে৷ বৰঠাকুৰে পত্নীৰ লগতে আমেৰিকা নিৱাসী এজন পুত্র-বোৱাৰী, দুগৰাকী কন্যা, এজন জোঁৱাই আৰু বহু আত্মীয়-স্বজনক ইহ সংসাৰত এৰি গৈছে৷ ইফালে বৰঠাকুৰৰ মৃত্যুত গার্গ মটর্ছৰ মুখ্য কার্যালয় তিনিচুকীয়াত কর্মচাৰীসকলে শোক প্রকাশ কৰিছে৷ প্রয়াত বৰঠাকুৰৰ মৃত্যুৰ খবৰ লাভ কৰাৰ লগে লগে কর্মচাৰীসকলে কার্যালয়লৈ আহি তেখেতৰ প্রতিচ্ছবিত মাল্যার্পণ, বন্তি প্রজ্বলন কৰি গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷
উল্লেখযোগ্য যে প্রথম অৱস্থাত চৌধুৰী এণ্ড কোম্পানীৰ অধীনত টেংকাৰৰ ব্যৱসায় কৰা বৰঠাকুৰে ১৯৮০ চনত কামাখ্যা বৰঠাকুৰ এণ্ড কোম্পানীৰ নামত অইল ইণ্ডিয়াত ব্যৱসায়ৰ পাতনি মেলিছিল৷ তেওঁ ১৯৯২ চনত গার্গ মটর্ছ নাম দি টাটা মটর্ছৰ বাণিজ্যিক বাহনৰ ডিলাৰশ্বিপ আৰম্ভ কৰে৷