ৰঙিয়া : ৰঙিয়া-ধমধমা গড়কাপ্তানী পথৰ জামতোলাত কালি পুৱাৰ ভাগত কাঠৰ দলং এখন ভাঙি সামগ্ৰীভৰ্তি এখন ট্ৰাক বাগৰি পৰাৰ পাছত সম্প্ৰতি গুৰুত্বপূৰ্ণ পথটোৰে যাতায়ত বন্ধ হৈ থকাত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কালি পুৱাৰে পৰা পথটোৰে সকলো প্ৰকাৰ বাহনৰ যাতায়ত বন্ধ হৈ পৰাত আজি স্থানীয় ৰাইজে উক্ত স্থানত উপস্থিত হৈ তীব্ৰ প্ৰতিবাদ জনায়৷ ৰাইজে অতিশীঘ্ৰে পকী দলং নিৰ্মাণ কৰি যাতায়াত ব্যৱস্থা পুনৰ আৰম্ভ কৰাৰ দাবী জনায় ৷
উল্লেখযোগ্য যে, কালি পুৱা পথ নিৰ্মাণত ব্যৱহৃত পে’ভাৰ ব্লক কঢ়িয়াই নিয়া এখন ট্ৰাকে (এ এছ ২৫ - ৫৫৩১) ৰঙিয়া-ধমধমা গড়কাপ্তানী পথেৰে আগবাঢ়ি জামতোলা কাঠৰ দলংখনত উঠাৰ লগে লগে দলংখন ভাগি তললৈ সোমাই পৰে৷ ট্ৰাকখনৰ চালকজনে কোনোমতে জঁপিয়াই নিজৰ প্ৰাণৰক্ষা কৰে বুলি জানিব পৰা গৈছে ৷ আচলতে অতি দুৰ্বল দলংখনৰ ওপৰত চালকে আগ-পিছ নুগুণি গধুৰ ট্ৰাকখন উঠাই দিয়াত ট্ৰাকৰ ভৰত দলংখন ভাগি তললৈ সোমাই পৰে বুলি অভিযোগ উঠিছে ৷ ৰঙিয়াস্থ গড়কাপ্তানী গ্ৰাম্য পথ সংমণ্ডলৰ তৰফৰ পৰা দলংখনৰ দুয়ো মূৰত ‘দুৰ্বল দলং’ বুলি ফলক আঁৰি দিয়াৰ পাছতো ট্ৰাকখনৰ চালকে সেয়া অৱজ্ঞা কৰিছিল ৷ জানিব পৰামতে ৰঙিয়া গড়কাপ্তানী গ্ৰাম্য পথ সংমন্ডলৰ তৰফৰ পৰা ট্ৰাকখনৰ গৰাকীৰ বিৰুদ্ধে ৰঙিয়া থানাত এটা গোচৰ ৰুজু কৰা হৈছে।