সৰ্বভাৰতীয় প্ৰতিযোগিতালৈ ধৃতিমান কাকতীৰ চুটি ছবি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

December 13, 2018

সৰ্বভাৰতীয় প্ৰতিযোগিতালৈ ধৃতিমান কাকতীৰ চুটি ছবি


বোকাখাত : মহাবিদ্যালয়ত অধ্যয়নৰত বোকাখাতৰ দুজন ছাত্রই নিৰ্মাণ কৰা এখন চুটি ছবি সৰ্বভাৰতীয় চুটি ছবি প্ৰতিযোগিতালৈ নিৰ্বাচিত হোৱা বতৰাই অসমৰ চলচ্চিত্রপ্ৰেমীসকলৰ মাজত আনন্দৰ জোৱাৰ তুলিছে। বোকাখাত মহকুমাৰ কাজিৰঙাৰ বচা গাঁও নিবাসী, পৰিৱেশ কৰ্মী তথা প্ৰকৃতিপ্ৰেমী মনোজ গগৈৰ প্ৰকৃতি সংৰক্ষণ বিষয়ক কৰ্মৰাজিৰ বিষয়ত বোকাখাত নিবাসী তথা বৰ্তমান হিমাচল প্ৰদেশৰ চিমলাত গণ সংযোগ আৰু সাংবাদিকতা পাঠ্যক্ৰমৰ স্নাতক মহলাৰ দ্বিতীয় বৰ্ষত অধ্যয়নৰত ছাত্র ১৯ বছৰীয়া ধৃতিমান কাকতীৰ পৰিচালনা আৰু কটন মহাবিদ্যালয়ৰ বি চি এৰ স্নাতক মহলাৰ ছাত্র ২০বছৰীয়া ৰক্তিম হাজৰিকাৰ সম্পাদনাৰে নিৰ্মাণ কৰা হৈছ‌িল THE MAN WHO ‘SPEAKS’ NATURE নামৰ চুটি ছবিখন।

গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত ২৮নৱেম্বৰৰ পৰা ১ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা ষষ্ঠ ব্ৰক্ষ্মপুত্র উপত্যকা কথাছবি মহোত্সৱ-২০১৮ত দ্বিতীয় শ্ৰেষ্ঠ বঁটা লাভ কৰাৰ পাছত এই চুটি ছবিখন সৰ্বভাৰতীয় ফিল্ম ক্ৰিটিক গিল্ডে প্ৰথমবাৰৰ বাবে আয়োজন কৰা সৰ্বভাৰতীয় চুটি ছবি প্ৰতিযোগিতা ‘ক্ৰিটিক চয়চ শ্বৰ্ট ফিল্ম এৱাৰ্ডছ’ (CCSFA)-ৰ বাবে মনোনীত হোৱা বুলি জানিব পৰা গৈছে। যোৱা ৩ ডিচেম্বৰত মুম্বাইত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত ঘোষণা কৰা মতে সমগ্ৰ ভাৰতৰ পাঁচশখনৰো অধিক চুটি ছবিৰ মাজৰ পৰা এই ছবিখন প্ৰথম বাছনিৰ পাঁচখন ছবিৰ তালিকাত অন্তৰ্ভুক্ত হৈ প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে। ছবিখনে প্ৰ‌ত‌িযোগ‌িতাৰ মুঠ তিনিটা শাখা -১) শ্ৰেষ্ঠ ছবি-অকাহিনীমূলক, ২) শ্ৰেষ্ঠ পৰিচালক-অকাহিনীমূলক, ৩) শ্ৰেষ্ঠ চিনেমাট’গ্ৰাফাৰৰ ‌ বাবে মনোনয়ন লাভ কৰিছে। অহা ১৫ ডিচেম্বৰত মুম্বাইত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শ্ৰেষ্ঠ বঁটাসমূহ প্ৰদান কৰিব বুলি জানিব পৰা গৈছে।

SPONSORED