নতুন দিল্লীঃ অবশেষত ৰাফালে গোছৰত ক্লীনশ্বীট পালে মোডী চৰকাৰে।ৰাফালে বিমান ক্ৰয়ৰ চুক্তিৰ বিৰুদ্ধে তৰা গোচৰতো উচ্চতম ন্যায়ালয়ে আজি খাৰিজ কৰে।দেশৰ উচ্চতম ন্যায়ালয়ে আজি কয় যে এই বিষয়তোত আৰু কোনোধৰনৰ হস্থক্ষেপ কৰা নহ’ব।গোচৰ সংক্ৰান্তীয় সকলো আপত্তি খাৰিজ কৰি দিয়া হৈছে। ৰাফালে চুক্তিৰ বিষয়ত কোনো ধৰনৰ তদন্তৰ প্ৰয়োজন নাই বুলিও দেশৰ উচ্চতম ন্যায়ালয়ে আজি কয়।
ৰাফালে বিমান ক্ৰয়ৰ চুক্তিত অনিয়ম হোৱা বুলি উচ্চতম ন্যায়ালয়ত চলি থকা গোচৰতোৰ বাবে কেন্দ্ৰীয় চৰকাখনক কংগ্ৰেছ দলে ইমান দিনে বৰকৈ সমালোচনা কৰি আহিছিল।আজি এই গোছৰতোৰ ৰায়দানৰ তাৰিখ আছিল।আজি এই চুড়ান্ত ৰায়তোত উচ্চতম ন্যায়ালয়ে কয় যে ৰাফালে চুক্তিত কোনো ধৰনৰ অনিয়ম হোৱা নাই৷বিমান কিনাৰ প্ৰক্ৰিয়াতো কোনো গণ্ডগোল হোৱা নাই৷সেইকাৰনে এই বিষয়ত কোনো প্ৰশ্ন তোলা উচিত নহয়৷যুদ্ধ বিমান আৰু বিমানৰ মানদণ্ডৰ ওপৰতো প্ৰশ্ন তোলা উচিত নহয়৷১২৫খনৰ ঠাইত ৩৬খন বিমান ক্ৰয় কৰাতো কেন্দ্ৰৰ সিদ্ধান্ত ৷ এই বিষয়তো কোনো প্ৰশ্ন তোলা ইচিত নহয়৷আনকি ৰাফালে যুজাৰু বিমানৰ দামৰ ক্ষেত্ৰতো কোনোধৰনৰ হস্থক্ষেপ নকৰে বুলি উচ্চতম ন্যায়ালয়ে এই ৰায়তোত জনাই দিছে৷ দেশৰ উচ্চতম ন্যায়ালয়ৰ এই ৰায়ে আজি মোদীৰ চৰকাৰক বাৰুকৈয়েই উৎফুল্লিত কৰিছে৷
উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানৰ পিচত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে কয় যে ৰাফালে চুক্তিত যে কোলো দুৰ্নীতি হোৱা নাছিল সেয়া আজি স্পষ্ট হৈ গ’ল৷কাৰন দেশৰ সৰ্বোচ্চ আডালতে আজি ইয়াৰ ওপৰত ছীলমোহৰ মাৰিলে৷ফ্ৰান্সৰ চৰকাৰেও আগতেই মোডী চৰকাৰক ক্লীনশ্বিট দি থৈছে৷এই গোটাই বিষয়তো বিৰোধী দলৰ মনেসজা কাহিনীৰ বাহিৰে একো নহয়৷ৰাফালে চুক্তিত দুৰ্নীতি হোৱা বুলি অহা অভিযোগ সম্পুৰ্ন ভিত্তিহীন৷আনহাতে প্ৰখ্যাত আইনজীৱী প্ৰশান্ত ভূষনে উচ্চতম ন্যায়ালয়ৰ এই ৰায় বিসঙ্গতিপুৰ্ন বুলি মন্তৱ্য কৰে৷