কাজিৰঙাঃ কাজিৰঙা অঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰথম প্ৰতিষ্ঠান হিচাপে পৰিচিত কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বৃহস্পতিবাৰে নৱ-নিৰ্মিত তোৰণ উদ্বোধন কৰা হয়। জানিব পৰা মতে, বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক শিক্ষক প্ৰয়াত ভূধৰ দুৱাৰাৰ সোঁৱৰণত পুত্ৰ নয়নমণি দুৱাৰৰ প্ৰচেষ্টাত তথা পৰিয়ালবৰ্গৰ সহযোগত নতুনকৈ নিৰ্মাণ কৰা পকী তোৰণখন কাজিৰঙাৰ জেষ্ঠ নাগৰিক জোনাৰাম গগৈ, হৰ গগৈ, অৱসৰ প্ৰাপ্ত পৰ্যটন বিষয়া তৰুণ গগৈ, দেৱপ্ৰদীপ বড়া, কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পংকজ গগৈ, কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয় আৰু কাজিৰঙা মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আদিৰ উপস্থিতিত প্ৰতিষ্ঠাপক শিক্ষক প্ৰয়াত ভূধৰ দুৱাৰাৰ পত্নী হিৰণ্ময়ী দুৱাৰাই ফিতা কাটি আনুষ্ঠানিকভাৱে তোৰণ উদ্বোধন কৰে।
আজিৰ দিনটোত এই তোৰণখনৰ আৰ্হি প্ৰস্তুত কৰ্তা বিদ্যালয়খনৰ প্ৰয়াত শিক্ষক বিপিন হাজৰিকাক বৃহস্পতিবাৰে সকলোৱে শ্ৰদ্ধাৰে সুঁৱৰিছে। কাজিৰঙাৰ শিক্ষাৰ প্ৰথম প্ৰতিষ্ঠানখনৰ প্ৰৱেশদ্বাৰত সুন্দৰ তোৰণ নিৰ্মাণ কৰি বহু দিনীয়া অভাৱ এটা পূৰণ কৰাৰ লগতে বিদ্যালয়খনৰ সৌষ্ঠৱ বৃদ্ধি কৰাত সচেতন মহলে সন্তোষ প্ৰকাশ কৰাৰ লগতে তোৰণ দাতাৰ পৰিয়ালবৰ্গলৈ ধন্যবাদ জ্ঞাপন কৰে।