টংলাত ৰে’লৰ খুন্দাত কিশোৰৰ মৃত্যু - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, December 14, 2018

টংলাত ৰে’লৰ খুন্দাত কিশোৰৰ মৃত্যু


ওদালগুৰি : ওদালগুৰি জিলাৰ টংলা ৰে’ল ষ্টেছনৰ নিকটৱৰ্তী নোনাই নৈ ৰে’ল দলঙত আজি পুৱা ৰে’লৰ খুন্দাত মৃত্যু হোৱা এজন কিশোৰৰ মৃতদেহ উদ্ধাৰ হয় ৷ মৃত্যু হোৱা কিশোৰজনক টংলাৰ ১৪ বছৰীয়া আশীষ দত্ত বুলি পৰিয়ালে চিনাক্ত কৰিছে ৷ জানিব পৰামতে টংলা থানাৰ অন্তৰ্গত ১নং নোনাইপাৰা গাঁৱৰ অৰ্জ্জুন দত্তৰ মানসিকভাৱে অসুস্থ পুত্ৰ আশীষ দত্ত কালি সন্ধিয়া ঘৰৰ পৰা ওলাই অহাৰ পাছত আজি পুৱা মৃত অৱস্থাত ৰে’লৱে’ দলঙত উদ্ধাৰ হয় ৷ টংলা ৰে’লৱে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা বুলি জানিবলৈ দিছে।

SPONSORED