নতুন দিল্লী : অসমৰ প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বক্তব্যৰ বিপৰীতে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ সৈতে চার্টার্ড বিমানত বদৰুদ্দিন আজমলে ভ্রমণ কৰিলে তিনি ৰাজ্য। শেহতীয়া বিধানসভা নির্বাচনত কংগ্ৰেছ দলে সফলতা লাভ কৰা তিনিখন ৰাজ্যত আজি অনুষ্ঠিত শপতগ্রহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে কংগ্ৰেছৰ সভাপতিৰ আমন্ত্রণমর্মে এনেদৰে তিনি ৰাজ্য ভ্রমণ কৰিলে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে।
প্রথমে ৰাজস্থান, তাৰ পিচত মধ্যপ্রদেশ আৰু অৱশেষত ছত্তীশগড়ত কংগ্ৰেছ দলৰ চৰকাৰৰ শপতগ্রহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি বদৰুদ্দিন আজমলে প্রদর্শন কৰিলে দলটোৰ সৈতে থকা তেওঁৰ ঘনিষ্ঠতা বা দলটোৰ প্ৰতি থকা তেওঁৰ সমর্থন। বিশেষকৈ ২০১৯ চনৰ লােকসভা নির্বাচনৰ পূর্বে বিজেপি নেতৃত্বাধীন এন ডি এক পৰাস্ত কৰাৰ বাবে যি মহাজোটৰ কথা চৰ্চালৈ আহিছে, সেই মহাজোটৰ অংশ হিচাপে আছে এ আই ইউ ডি এফ দল। শেহতীয়াকৈ আয়ােজন কৰা এই মহাজোটৰ বৈঠকতাে উপস্থিত আছিল বদৰুদ্দিন আজমল। কিন্তু অসমত অলপতে অনুষ্ঠিত পঞ্চায়ত নির্বাচনত এ আই ইউ ডি এফ দলৰ শােচনীয় প্ৰদৰ্শনৰ পিচতে ৰাজ্যখনৰ প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কৈছিল যে কংগ্ৰেছে অসমত আজমলক চাফা কৰিলে আৰু ইয়াৰ পিচত কংগ্ৰেছে বিজেপিকো পৰাজিত কৰিব। কিন্তু তৰুণ গগৈয়ে অসমত এই বক্তব্য আগবঢ়ালেও ৰাষ্ট্ৰীয় প্রেক্ষাপটত কংগ্ৰেছৰ সৈতে মিতিৰালি অব্যাহত আছে এ আই ইউ ডি এফৰ।
পূৰ্বতে কংগ্রেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰৰ দিনতাে এ আই ইউ ডি এফ ইয়াৰ অংশ আছিল। কিন্তু অসমত তৰুণ গগৈয়ে বদৰুদ্দিন আজমলৰ বিৰােধিতা কৰাৰ ফলত দুয়ােটা দলৰ মাজত কোনােদিন মিত্ৰতা সম্ভৱ হৈ উঠা নাছিল। এতিয়াও সেই একে দৃশ্যৰে পুনৰাবৃত্তি ঘটা পৰিলক্ষিত হৈছে।
উল্লেখযােগ্য যে ২০১৪ চনৰ লােকসভা নির্বাচনৰ পিচত অনুষ্ঠিত নির্বাচনসমূহত কংগ্ৰেছৰ বাবে শেহতীয়াকৈ পাঁচখন ৰাজ্যত অনুষ্ঠিত বিধানসভা নির্বাচনে দলটোৰ বাবে এক আশা কঢ়িয়াই আনিছে। কাৰণ ২০১৪ চনৰ পৰা প্ৰায় সকলাে নির্বাচনতে পৰাজয়ৰ সন্মুখীন হােৱা কংগ্ৰেছ দলে শেহতীয়া বিধানসভা নির্বাচনত তিনিখন ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে। সেয়েহে দলৰ এই সফলতাৰ আঁত ধৰি যাতে ২০১৯ চনৰ লােকসভা নির্বাচনৰ কাৰণে মহাজোটক অধিক শক্তিশালী কৰিব পৰা যায় সেই উদ্দেশ্যে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে তিনিওখন ৰাজ্যৰ শপতগ্রহণ অনুষ্ঠানলৈ মহাজোটৰ অংশীদাৰ দলসমূহৰ নেতৃত্বকে লগত লৈ গৈছিল। এক চার্টার্ড বিমানযােগে তেওঁ ৰাজস্থান, মধ্যপ্রদেশ আৰু ছত্তীশগড়লৈ ৰাওনা হােৱাৰ সময়ত তেওঁৰ লগত এই নেতাসকলকো লৈ গৈছিল। ইয়াৰ ভিতৰত অসমৰ সাংসদ তথা এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ উপৰি আছিল অন্ধ্রপ্রদেশৰ মুখ্যমন্ত্রী তথা টি ডি পি নেতা চন্দ্রবাবু নাইডু, কর্ণাটকৰ মুখ্যমন্ত্রী তথা জে ডি (এছৰ নেতা এফ ডি কুমাৰাস্বামী, এন চি পিৰ নেতা শাৰদ পাৱাৰ, তৃণমূল কংগ্রেছৰ অন্যতম নেতা দীনেশ ত্রিবেদী, জে ডি (এছ)ৰ সভাপতি এইচ ডি দেৱেগৌড়া, নেচনেল কনফাৰেন্সৰ নেতা ফাৰুক আব্দুল্লা, লােকতান্ত্রিক জনতা দলৰ নেতা শাৰদ যাদৱ, ডি এম কে নেতা এম কে ষ্টেলিন।
উল্লেখযােগ্য যে পশ্চিমবংগৰ মুখ্যমন্ত্রী তথা তৃণমূল কংগ্রেছৰ নেত্রী মমতা বেনার্জী, বি এছ পি নেত্রী মায়াৱতী আৰু সমাজবাদী পার্টি নেতা অখিলেশ যাদৱ এই শপগ্রহণ অনুষ্ঠানত উপস্থিত থকাৰ কথা আছিল যদিও তেওঁলােকে ইয়াত অংশগ্রহণ কৰা দেখা নগ'ল।