নতুন দিল্লী : বহুচর্চিত তিনি তালাকক লৈ সংসদৰ নিম্ন সদনত নতুন বিধেয়ক দাখিল কৰিলে কেন্দ্রীয় চৰকাৰে। এই বিধেয়কত তিনি তালাকক আইন বিৰুদ্ধ আৰু শাস্তিযােগ্য অপৰাধ হিচাপে উল্লেখ কৰা হৈছে। লােকসভাত কেন্দ্রই দাখিল কৰা এই নতুন বিধেয়ক অনুসৰি ইছলাম ধৰ্মাৱলম্বী লােকে যদি তিনি তালাক দিয়ে, তেনেহলে তেওঁ ৩ বছৰৰ কাৰাদণ্ডৰ সন্মুখীন হ'ব পাৰে।
উল্লেখ্য যে সংসদৰ নিম্ন সদনত ইয়াৰ পূর্বেই অনুমােদিত হৈছিল তিনি তালাক বিধেয়ক। কিন্তু ৰাজ্যসভাত সেয়া গৃহীত নহ'ল। বিধেয়কখনক লৈ আপত্তি দর্শাইছিল কেইবাটাও ৰাজনৈতিক দলে। তিনি তালাক দিলে কোনাে লােক যে তিনি বছৰ কাৰাদণ্ডৰ সন্মুখীন হ’ব লাগিব সেই লৈয়ে আছিল মূল আপত্তি। বিৰােধী ৰাজনৈতিক দলসমূহৰ যুক্তি আছিল, বিধেয়কখনত দোষী সাব্যস্ত হােৱা লােকজনৰ জামিনৰ ব্যৱস্থা ৰখা উচিত। এনে বিষয়সমূহক লৈয়েই যােবা ছেপ্টেম্বৰত এক অধ্যাদেশ জাৰি কৰিছিল কেন্দ্রীয় চৰকাৰে। পূর্বে লােকসভাত অনুমােদিত বিধেয়কখনৰ সংশােধনীসমূহক লৈয়ে প্রস্তুত কৰা হৈছিল এই অধ্যাদেশ।
সেই অধ্যাদেশৰ ভিত্তিতেই লােকসভাত উত্থাপন কৰা হয় তিনি তালাক সম্পর্কীয় এই নতুন বিধেয়ক। এই সন্দৰ্ভত মন্তব্য কৰি কোৱা হৈছে— “উচ্চতম ন্যায়ালয়ৰ নির্দেশনাৰ পিছতো ইছলাম ধৰ্মীসকলৰ বিবাহ বিচ্ছেদৰ ধর্মীয় পৰম্পৰা অব্যাহত আছিল। আনকি হােৱাটছএপৰ জৰিয়তেও দিয়া হৈছিল তিনি তালাক।