দিচাঙত পৰি সন্ধানহীন হোৱা আৰতি চেত্ৰীৰ মৃতদেহ মাজুলীৰ অফলামুখত উদ্ধাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

December 22, 2018

দিচাঙত পৰি সন্ধানহীন হোৱা আৰতি চেত্ৰীৰ মৃতদেহ মাজুলীৰ অফলামুখত উদ্ধাৰ


মাজুলী : পাঁচদিনৰ পূৰ্বে পূজাৰ সামগ্ৰী বিসৰ্জনৰ বাবে আহি ছেলফি উঠাৰ সময়তে দুৰ্ঘটনা ক্ৰমে দিচাং নদীত পৰি সন্ধানহীন হোৱা তিনিচুকীয়া ফিলবাৰীৰ যুৱতী আৰতি চেত্ৰীৰ (২২) অৰ্ধ গলিত মৃতদেহ আজি দুপৰীয়া মাজুলীৰ অফলামুখত উদ্ধাৰ হয়। দুপৰীয়া ভাগত মাজুলীৰ অফলামুখ ঘাটত স্থানীয় লোকে এটা মৃতদেহ ওপঙি থকা অৱস্থাত দেখে।

দুপৰীয়া ১২ বজাত অফলা ফেৰী ঘাটৰ সমীপত স্থানীয় ৰাইজে অৰ্ধগলিত মৃতদেহটো দেখাৰ পাছতে পাৰঘাটত উপস্থিত থকা ৰাইজে তত্কালীনভাৱে মাজুলী আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে মৃতদেহটো দিচাঙত সন্ধানহীন যুৱতীৰ বুলি সন্দেহ কৰি শিৱসাগৰ জিলা প্ৰশাসনৰ যোগেদি দিচাং নৈত সলিল সমাধি ঘটা যুৱতী দুগৰাকীৰ আত্মীয়ৰ সৈতে যোগাযোগ কৰে। আৰক্ষীৰ খবৰৰ ভিত্তিত পৰিয়ালৰ লোক আহি মৃতদেহ আৰতী চেত্ৰীৰ বুলি চিনাক্ত কৰি শিৱসাগৰলৈ লৈ যায়।

উল্লেখযোগ্য যে, যোৱা ১৬ ডিচেম্বৰত শিৱসাগৰৰ দিচাংমুখত সত্যনাৰায়ণ পূজাৰ নৈবেদ্য দিবলৈ আহি নদীৰ বুকুত পৰি যোৱা যুৱতী দুগৰাকীক বিচাৰি এন ডি আৰ এফ আৰু এছ ডি আৰ এফে অভিযান চলাই ব্যৰ্থ হৈছিল।

SPONSORED