ডo নগেন শইকীয়ালৈ অসম প্রকাশন পৰিষদৰ জীৱনজোৰা সাধনা বঁটা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

December 22, 2018

ডo নগেন শইকীয়ালৈ অসম প্রকাশন পৰিষদৰ জীৱনজোৰা সাধনা বঁটা


গুৱাহাটী : অসম প্রকাশন পৰিষদৰ জীৱনজোৰা সাধনা বঁটা এইবাৰ অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি, বিশিষ্ট লেখক, শিক্ষাবিদ ড০ নগেন শইকীয়ালৈ আগবঢ়োৱা হৈছে৷ অহা ২২ ডিচেম্বৰত প্রকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া ৩২সংখ্যক গুৱাহাটী গ্রন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত এই বঁটা প্রদান কৰা হ’ব৷

বঁটা প্রদান কৰিব মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ উক্ত বঁটাত থাকিব দুই লাখ টকাৰ চে’ক, প্রশস্তি পত্র, স্মাৰক, গ্রন্থৰ টোপোলা আৰু অংগবস্ত্র৷ অসম প্রকাশন পৰিষদৰ কার্যালয়ত আজি এক সংবাদমেলযোগে এই কথা ঘোষণা কৰে পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই৷ উল্লেখযোগ্য যে চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰত ২২ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈ ৩২সংখ্যক গুৱাহাটী গ্রন্থমেলাৰ আয়োজন কৰা হৈছে৷

গ্রন্থমেলাখন উদ্বোধন কৰিব মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আৰু অনুষ্ঠানত শিক্ষামন্ত্রী তথা অসম প্রকাশন পৰিষদৰ অধ্যক্ষ সিদ্ধার্থ ভট্টাচার্যই সভাপতিত্ব কৰিব৷ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে পশ্চিম বংগৰ বিশিষ্ট সাহিত্যিক শীর্ষেন্দু মুখোপাধ্যায়, বাংলাদেশৰ উচচায়ুক্ত মোৱাজ্জিম আলী আৰু নেশ্যনেল বুক ট্রাষ্টৰ সঞ্চালক ৰীতা চৌধুৰী উপস্থিত থাকিব৷ এইবাৰ গ্রন্থমেলাত মুঠ ১২২খন বিপণীয়ে অংশগ্রহণ কৰিব৷ ইয়াৰে অসমৰ ভিন্ন প্রকাশকৰ ৯২খন, কলকাতাৰ ১০খন, বাংলাদেশৰ ১০খন, দিল্লীৰ ৯খন আৰু ঝাৰখণ্ডৰ এখন৷

সংবাদমেলত পৰিষদৰ সচিব প্রমোদ কলিতাই জনোৱা মতে এইবাৰ গ্রন্থমেলাৰ বাজেট প্রায় ৬০ লাখ টকা৷ সকলোৰে বাবে প্রৱেশ বিনামূলীয়া থকা গ্রন্থমেলাত পঢ়ুৱৈয়ে কিতাপ কিনাৰ সুবিধা হোৱাকৈ এ টি এমৰ ব্যৱস্থা কৰা হ’ব৷ গ্রন্থমেলাৰ বিশেষ কার্যসূচী অনুসৰি ২৪ ডিচেম্বৰ দিনটো প্রথমবাৰৰ বাবে সংস্কৃত দিৱস হিচাপে পালন কৰা হ’ব৷

দিৱসৰ উদ্বোধন কৰিব নলবাৰী কুমাৰ ভাস্কৰ বর্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ দীপক কুমাৰ শর্মাই৷ দিৱসৰ লগত সংগতি ৰাখি ‘অসমত সংস্কৃত চর্ৰ ঐতিহ্য’ বিষয়ত আলোচনা সত্র অনুষ্ঠিত হ’ব৷ ঠিক একেদৰে ২৬ ডিচেম্বৰ দিনটো তিৱা উৎসৱ হিচাপে পালন কৰা হ’ব৷ উৎসৱৰ উদ্বোধন কৰিব ড০ লক্ষ্মীনন্দন বৰাই৷

উল্লেখযোগ্য যে অসম প্রকাশন পৰিষদে গ্রন্থমেলা উপলক্ষে নতুনকৈ ২৪খন গ্রন্থ প্রকাশ কৰি উলিয়াইছে৷ লগতে ৪০খন গ্রন্থৰ পুনৰ মুদ্রণ কৰিছে৷ গ্রন্থমেলাৰ কার্যসূচী অনুসৰি বিভিন্ন গ্রন্থ উন্মোচনী সভা, আলোচনা সত্র, কবিতা পাঠ অনুষ্ঠান, বিভিন্ন প্রতিযোগিতা আদি অনুষ্ঠিত হ’ব৷

SPONSORED