অসমীয়া ছাত্রক ভাবুকি বিজেপি নেতাক বহিষ্কাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, January 14, 2019

অসমীয়া ছাত্রক ভাবুকি বিজেপি নেতাক বহিষ্কাৰ


গুৱাহাটী : শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ত অধ্যয়নৰত অসমীয়া ছাত্ৰ-ছাত্ৰীক আন্দোলন কৰাৰ পৰা বিৰত থকাৰ হুংকাৰ দি দলৰ পৰা বহিষ্কৃত হ'ল বৰাক উপত্যকাৰ বিজেপি নেতা প্রদীপ দত্ত ৰয়। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে এক নির্দেশনাযােগে দলবিৰােধী কার্যকলাপত লিপ্ত হােৱাৰ অভিযােগত প্রদীপ দত্তৰয়ৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্রহণ কৰে।
উল্লেখ্য যে যােৱা বৃহস্পতিবাৰে অসম বিশ্ববিদ্যালয়ত অধ্যয়নৰত একাংশ ছাত্র-ছাত্ৰীয়ে নাগৰিকত্ব সংশােধনী বিধেয়ক বাতিলৰ দাবীত প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এনে কার্যত ক্ষুন্ন হৈ পৰে বিজেপি নেতা দত্তৰয়। ক্ষুব্ধ দত্তৰয়ে বিশ্ববিদ্যালয়খনত অধ্যয়নৰত অসমৰ ছাত্ৰ-ছাত্ৰীসকলক আন্দোলনৰ কার্যসূচী গ্রহণ নকৰিবলৈ হুংকাৰ দি অধ্যয়নত ব্ৰতী হ’বলৈ পৰামর্শ দিয়ে। ভৱিষ্যতে আন্দোলন কৰিলে অসমৰ ছাত্র-ছাত্ৰীক বিশ্ববিদ্যালয়খনত অধ্যয়ন কৰিবলৈ দিয়া নহ'ব বুলিও ভাবুকি দিয়ে।
বিজেপি নেতা দত্তৰয়ৰ অসমীয়াবিদ্বেষী তেনে মন্তব্যই ৰাজ্যজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি কৰে। ছাত্র-ছাত্রীৰ আন্দোলন কৰাৰ গণতান্ত্রিক অধিকাৰ খর্ব কৰিবলৈ ওলােৱা কাৰ্যক ৰাজ্যবাসীয়ে একমুখে ধিক্কাৰ দিয়ে। ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত ইতিমধ্যে বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে গােচৰাে ৰুজু হৈছে। অসমীয়া ছাত্র-ছাত্রীক আন্দোলনৰ পৰা আঁতৰি থাকিবলৈ ভাবুকি দি বিতর্কৰ দৃষ্টি কৰা দত্তৰয়ক অৱশেষত বিজেপিয়ে দলীয় শৃংখলা ভংগ আৰু দলবিৰােধী কার্যত লিপ্ত হােৱাৰ অভিযােগত দলৰ পৰা বহিষ্কাৰ কৰে।

SPONSORED