৮৪ মাহে বেতনৰ পৰা বঞ্চিত : ভােগালীৰ আনন্দ নাই ১২ হাজাৰ শিক্ষকৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 14, 2019

৮৪ মাহে বেতনৰ পৰা বঞ্চিত : ভােগালীৰ আনন্দ নাই ১২ হাজাৰ শিক্ষকৰ


গুৱাহাটী : ভােগৰ উৎসৱ ভােগালী বিহুৰ উৰুকাত ৰাজ্যবাসীয়ে মাছে-মঙহে এসাজ খােৱাৰ আয়ােজন কৰাৰ সময়তে দুবেলা দুমুঠিৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৰাজ্যৰ ১২ হাজাৰ বেতন বঞ্চিত প্রাথমিক শিক্ষক৷ চৰকাৰৰ আশ্বাস-প্রতিশ্রুতিয়ে আজি পর্যন্ত ঢুকি নােপােৱা এই বেতন বঞ্চিত শিক্ষকসকলে বিগত প্রায় ৮৪ মাহ ধৰি দৰমহা নােপােৱাৰ ফলত তেওঁলােকৰ বাবে ভােগালীও কঙালীত পৰিণত হৈছে। দুই মাহৰ ভিতৰতে সমস্যা সমাধানৰ আশ্বাস দিয়া চৰকাৰখনেও কোনাে গুৰুত্ব প্রদান নকৰাত উপায়হীন হৈ পৰা শিক্ষকসকলে পুনৰ প্রতিবাদী কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ দিছে।
এক বিবৃতিত সদৌ অসম বেতনবঞ্চিত প্রাথমিক শিক্ষক সমিতিয়ে চৰকাৰৰ বিৰুদ্ধে পুনৰ জংগী আন্দোলন ৰূপায়ণ কৰিবলৈ সংকল্পবদ্ধ হােৱাৰ কথা ঘােষণা কৰে। শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে চলিত মাহৰ পৰাই ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী গ্রহণ কৰিব বুলি সদৰী কৰে সন্থাৰ কেন্দ্রীয় সভানেত্রী হেমাঞ্জলি ভুএা আৰু সাধাৰণ সম্পাদক বসন্ত নেওগে।
উল্লেখ্য যে বিগত বছৰসমূহত বিভিন্ন সময়ত ধর্ণা-বিক্ষোভ উপৰি শ্ৰেণী বর্জনকে ধৰি বিভিন্ন কার্যসূচী ৰূপায়ণ কৰি আহিছে এই শিক্ষকসকলে। চৰকাৰ সলনি হােৱাৰ পিছতাে কোনাে স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ নকৰাত শেহতীয়াভাৱে শিৱসাগৰত সমূহীয়া আত্মজাহৰ কাৰ্যসূচী | গ্ৰহণ কৰিছিল সমিতিয়ে। ইয়াৰ পিছতে বিগত ৭ ছেপ্টেম্বৰত শিক্ষামন্ত্রী সিদ্ধার্থ ভট্টাচার্যই এই শিক্ষকসকলৰ সৈতে আলােচনাত মিলিত হৈ দুই মাহৰ ভিতৰতে সকলাে সমস্যা সমাধান কৰিব বুলি আশ্বাস প্রদান কৰিছিল। কিন্তু ৫ মাহ উকলি যােৱাৰ পিছতাে চৰকাৰে প্রতিশ্রুতি অনুসৰি কোনাে ব্যৱস্থা নকৰিলে।
আনকি বিধানসভাৰ অধ্যক্ষ হিতেন্দ্র নাথ গােস্বামীয়েও এই শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ লগতে বেতন মুকলি কৰি দিবলৈ পদক্ষেপ গ্রহণ কৰিছিল। সময়ত এই সকলােবােৰ ফুটুকাৰ ফেন হােৱাত ক্ষুগ্ন হৈ পৰিছে বেতনবঞ্চিত ৰাজ্যৰ ১২ সহস্রাধিক শিক্ষক।

SPONSORED