জাতিৰ দুৰ্যোগঃ উৰুকাৰ ভোগ এৰি অনশনত বহিল অখিল - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, January 14, 2019

জাতিৰ দুৰ্যোগঃ উৰুকাৰ ভোগ এৰি অনশনত বহিল অখিল


গুৱাহাটীঃ জাতীয় জীৱনলৈ চৰকাৰে দুৰ্যোগ নমাই অনাৰ প্ৰতিবাদত ভোগালীৰ উৰুকাৰ দিনটোতে ভোগ এৰি অনশনত বহিল কৃষক নেতা অখিল গগৈ। নাগৰিকত্ব সংশোধনী বিধয়েকৰ বিৰুদ্ধে ইতিপূৰ্বে ঘোষণা কৰা কাৰ্যসূচী অনুসৰি গুৱাহাটীৰ চচলত চৰকাৰে নতুনকৈ নিৰ্ধাৰণ কৰা প্ৰতিবাদথলীত সোমবাৰে বিয়লি ২ বজাৰ পৰা ২৪ ঘন্টীয়া অনশনত বহিছে কৃষক নেতাজন। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীৰ লগতে ইয়াৰ বিৰুদ্ধে অসমত চলি থকা ঐক্যবদ্ধ আন্দোলনৰ নেতৃত্ব লোৱা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ মাজত বিভাজন সৃষ্টিৰ পৰিকল্পনাৰে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰৱঞ্চনামূলক ঘোষণাৰ প্ৰতিবাদ, অসম চুক্তিৰ ৬নং দফা অনুসৰি খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে সমিতি গঠন কৰাৰ চৰকাৰী নাটক বন্ধ কৰি অসমক ধ্বংস কৰাৰ ষড়যন্ত্ৰৰ পৰা বিৰত হ’বলৈ দিল্লী-দিছপুৰক সকিয়নী দিবলৈকে অখিল গগৈ বহিছে ২৪ ঘন্টীয়া এই অনশন কাৰ্যসূচীত।
প্ৰণিধানযোগ্য যে, অসমৰ জাতীয় জীৱনৰ ঐতিহ্য, পৰম্পৰা ধ্বংস কৰি বিজেপি চৰকাৰে জাতিটোলৈ দুৰ্যোগ তথা দুৰ্ভোগ নমাই অনাৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ প্ৰতিবাদত ভোগালীৰ মেজিৰ জুইৰ সন্মুখত সৰ্বাত্মক আন্দোলনত নামি পৰাৰ সংকল্প ল’বলৈ কৃষক মুক্তিয়ে আহ্বান জনাইছিল। সেই আহ্বান মতেই উৰুকাৰ ভোজমেলবোৰ যিদৰে গাঁৱে গাঁৱে জাতিটোৰ ভৱিষ্যতলৈ নমাই অনা সংকটৰ ৰাইজমেল সদৃশ হ’ব, তেনেদৰেই কাইলৈৰ মেজি দাহৰ কাৰ্যসূচীও গাঁৱে গাঁৱে সংকল্প দিৱসৰ দৰে এক ব্যতিক্ৰমী ৰূপত পালিত হোৱাৰ সম্ভাৱনাও স্পষ্ট হৈ পৰিছে।
ইফালে, জাতিৰ দুৰ্ভোগৰ মুহূৰ্তত ৰাইজ তথা কৃষক মুক্তিৰ কৰ্মীসকলক জাতীয় পৰম্পৰা ৰক্ষাৰ বাবে আন্দোলনৰ কাৰ্যসূচীৰ পৰা ৰেহাই দি আজি উৰুকাৰ ভোজৰ আনন্দত চামিল হোৱাৰ পৰিৱৰ্তে কৃষক নেতাগৰাকীয়ে অহা ২৪ ঘন্টা অনাহাৰ-অনিদ্ৰাৰে কটাই চৰকাৰক জাতিধ্বংসী অভিযান পৰিহাৰ কৰিবলৈ সকিয়াই দিবলৈকে এই অনশন কাৰ্যসূচীত বহিছে। ২ বাজিবলৈ কেই মিনিটমান বাকী থকা অৱস্থাতে চচলত উপস্থিত হোৱা নেতাগৰাকী ২ বজাৰ লগে লগে অনশনত বহি পৰে। ইতিমধ্যে ভালে সংখ্যক লোক কৃষক নেতাগৰাকীৰ অনশনথলীৰ চৌপাশে সমবেত হৈছেহি।

SPONSORED