ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল দুই অসম কন্যা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, January 14, 2019

ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল দুই অসম কন্যা


নতুন দিল্লী :  ভোগালী বিহুৰ আনন্দ-উল্লাসৰ মাজতেই অসমলৈ সুনাম কঢ়িয়াই আনিলে দুই অসম কন্যাই। চলিত বৰ্ষৰ ৩ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈকে দিল্লীৰ থ্যাগৰাজ ষ্টেডিয়ামত স্কুল গেমছ ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ দ্বাৰা আয়োজিত ৬৪ তম্ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগাসন প্ৰতিযোগিতাত ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে অসম কন্যা দুগৰাকীয়ে।
নগাঁৱৰ ৰেনেছা কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰী ক্ৰমে অংকিতা শৰ্মাই আৰ্টিষ্টিক শাখাত ৰূপৰ পদক আৰু ৰিদমিক শাখাত মিতালী শৰ্মাই ব্ৰঞ্জৰ পদক লাভ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে।

SPONSORED