মধ্য পেৰিচত ভয়ংকৰ বিস্ফোৰণত হতাহত ৪৭ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, January 14, 2019

মধ্য পেৰিচত ভয়ংকৰ বিস্ফোৰণত হতাহত ৪৭


মধ্য পেৰিচত গেছ বিস্ফোৰণ ঘটনাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাছতেই মৃত্যু হোৱা লোকৰ সংখ্যা ৪জনলৈ বৃদ্ধি পাইছে। শনিবাৰে সংঘটিত এই বিস্ফোৰণত পূৰ্বে এজন পৰ্যটকসহ ৩জনৰ মৃত্যু হোৱা বুলি খবৰ পোৱা গৈছিল। এই বিস্ফোৰণৰ ফলত কাষৰ অট্টালিকাবোৰৰো ক্ষয়ক্ষতি হয়।
উল্লেখ্য যে, এই বিস্ফোৰণ সেই সময়ত সংঘটিত হৈছিল, যি সময়ত চহৰখনত ‘য়েলো বেষ্ট’ প্ৰদৰ্শন কৰি থকা হৈছিল। যাৰ ফলত বিগত কেইদিন মানৰ পৰা আৰক্ষী আৰু প্ৰদৰ্শনকাৰীৰ মাজত হিংসাত্মক ঘটনাও সংঘটিত হৈ আহিছে। ইফালে, এই বিস্ফোৰণ সংঘটিত হোৱা অট্টালিকাটোৰ তলৰ অংশ ভাঙি পৰাৰ ফলত কাষৰ বিল্ডিংবোৰত ক্ষয়ক্ষতি হোৱাৰ পলতে অট্টালিকাটোৰ ধ্বংসস্তূপৰ তলত আৱদ্ধ হৈ মৃত্যুক সাৱটে ৪জনকৈ লোকে।
আনহাতে, এই বিস্ফোৰণত ৪জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪৭জনকৈ লোক গুৰুতৰভাৱে আহত হয় আৰু ইয়াৰে ১০ জনৰ অৱস্থা অতি সংকটজনক। আহত আটাইকেইজনকে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও দুজনৰ অৱস্থা গুৰুতৰ বুলি জনাই চিকিৎসকে।
সংগ্ৰহ: অসমীয়া প্ৰতিদিন

SPONSORED